অসম

১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ তদন্তৰ বাবে কে.কে.দেউৰীক অনুসন্ধান বিষয়া হিচাপে নিযুক্তি…

asomiyapratidin

ডিজিটেল ডেস্ক : কাঠিয়াতলীত সংঘটিত হোৱা ১৮ টাকৈ বনৰীয়া হাতীৰ  মৃত্যুৰ ঘটনাক তদন্তৰ নিৰ্দেশ দিয়া হৈছে । উপ বন সংৰক্ষক( প্ৰচাৰ ), মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এ.এফ.এছ. কে.কে. দেউৰীক বন্য প্ৰানী জীৱনৰ সুৰক্ষা ৫০ (৮)আইনৰ অধীনত তাৎক্ষণিক ভাবে অনুসন্ধান বিষয়া হিচাপে নিযুক্ত কৰা হৈছে ।

বনৰীয়া হাতী সমূহৰ মৃত্যুৰ তদন্ত কৰাৰ উদ্দেশ্যে অনুসন্ধানকাৰী বিষয়া গৰাকীয়ে বন্যজীৱন (সুৰক্ষা) আইন, ১৯৭২ ৰ ধাৰা ৫০ (৮)(ক)(খ)(গ)(ঘ)(ঘ)ৰ অধীনত ক্ষমতা প্ৰয়োগ কৰিব। হাতীৰ মৃত্যুৰ তদন্ত কৰাৰ উদ্দেশ্যে তেওঁৰ লগত এটা থাকিব এটি পশু চিকিৎসকৰ দল। ইফালে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ঘটনাস্থলীত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ।