অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে সন্ধিয়া পুৰণিগুদামত সংগ্ৰামী যুৱ মঞ্চৰ উদ্যোগত এক বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়। পুৰণিগুদাম মিকিৰহাট হাতী গাঁৱৰ শতাধিক পুৰুষ-মহিলাই জোঁৰ সমদলত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰক তীব্ৰ ভাষাৰে সমালোচলা কৰি কয়, সৰ্বানন্দ সোনোৱাল এতিয়া পুতলা মুখ্যমন্ত্ৰী৷

সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ প্ৰতিবাদকাৰীসকলে আহ্বান জনায়৷ জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়-হায়, সৰ্বানন্দ সোণোৱাল গ' বেক, নৰেন্দ্ৰ মোডী গ' বেক, বাংলাদেশী হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদকাৰীসকলে চৰকাৰক জাতিধ্বংসী নাগৰিৰ্কত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ দাবী জনায়। চৰকাৰে নিজ স্থিতি সলনি নকৰিলে সকলো লোক এক হৈ চৰকাৰৰ বিৰুদ্ধে ব্যাপকভাৱে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে৷