অসম

আৰম্ভ হ’ল গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা৷প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজাপাতলেৰে মেলাৰ আৰম্ভণি কৰা হৈছে এই মেলা ৷ বৃহস্পতিবাৰৰ দিনটোত নিজ উৎপাদিত সামগ্ৰী লৈ পাহাৰৰ পৰা নামি আহিব মামা-মামী সকল৷

নিশাটো মেলাথলীত কটোৱাৰ পিছত শুকুৰবাৰৰ দ্বিতীয় দিনা অনুষ্ঠিত হ'ব বিনিময় প্ৰথা৷ বিনিময় প্ৰথাৰ সমান্তৰালকৈ চলিব মৎস চিকাৰ আৰু কুকুৰা যুঁজ৷ ৰাজদৰবাৰত থাকিব ১৮ গৰাকী তিৱা ৰজা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰদান কৰিব ৰাজভাট্টা ৷

কেতিয়াৰে পৰা এই জোনবিল মেলাৰ প্ৰথা আৰম্ভ হৈছিল জানিব পৰা নাযায় যদিও গোভাৰজাৰ শাসনৰ সময়ত এই মেলা আৰম্ভ হৈছিল বুলি বহুতে মতপোষণ কৰে। এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলাক সম্প্ৰীতিৰ মেলা বুলি জনা যায়।