অসম

প্ৰশস্ত হ’ল হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ পথ!

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি সময়ত সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে, সেই সময়তে যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তই অস্বস্তিত পেলাইছে ৰাজ্যৰ জনসাধাৰণক৷ দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ বৈঠকৰ অন্ত পৰে৷

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত সমল যোগালে যুটীয়া সংসদীয় সমিতিয়ে৷ পৰিৱৰ্তনৰ অচিলা লৈ দেশৰ শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰৰ ইটোৰ পিছত সিটো জনবিৰোধী স্থিতিয়ে নিদ্ৰা হৰণ কৰিছে অজস্ৰ লোকৰ৷ বিৰোধীয়ে দাখিল কৰা সংশোধনী প্ৰস্তাৱ নাকচ কৰিলে যুটীয়া সংসদীয় সমিতয়ে৷

অতি সোনকালে যুটীয়া সংসদীয় সমিতিয়ে এই প্ৰসংগত দাখিল কৰিব প্ৰতিবেদন৷ বৰ্তমানৰ ৰূপতেই শীতকালীন অধিবেশনৰ শেষভাগত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে যুটীয়া সংসদীয় সমিতিয়ে৷ উল্লেখ্য যে, যুটীয়া সংসদীয় সমিতিৰ পুনৰ বৈঠক অনুষ্ঠিত হ'ব ৪ জানুৱাৰীত৷ সেইদিনাখনেই বৈঠকত নিৰ্ণয় হ'ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভৱিষ্যৎ৷