অসম

২০২২ বৰ্ষৰ সাংবাদিক পেন্সন ঘোষণাঃ চাওক সম্পূৰ্ণ তালিকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম সাংবাদিক পেন্সন আঁচনিৰ অধীনত চলিত বৰ্ষৰ পেন্সনাৰসকলৰ নাম আজি ঘোষণা কৰা হৈছে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া এই পেন্সন চলিত ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ'ব।

বাচনিকৃত ২০ গৰাকী অৱসৰী সাংবাদিকৰ তালিকাখন এনেধৰণৰ—উৎপল বৰদলৈ (কামৰূপ মহানগৰ), প্রদীপ ঘোষ (দৰং), মছলেম উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ মহানগৰ), ইমৰান হুছেইন (ওদালগুৰি), বাচা বৰা (চৰাইদেউ), পদ্ম সিং (কামৰূপ মহানগৰ), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ মহানগৰ), মণি শংকৰ পুৰকায়স্থ (কাৰবি আংলং) মদন মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিন্হা (কামৰূপ মহানগৰ), বিনয় কুমাৰ শৰ্মা (কামৰূপ মহানগৰ), ৰবীন বৰুৱা (কাৰবি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ মহানগৰ), ঈশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ), আৰু ৰত্নেশ কুমাৰ (কামৰূপ মহানগৰ)।

উল্লেখযোগ্য যে, অসম চৰকাৰে এই আঁচনিখন ২০১৭-১৮ বৰ্ষত আৰম্ভ কৰিছিল ৷ প্ৰতিবছৰে ২০ গৰাকীকৈ সাংবাদিক তেওঁলোকৰ আবেদনৰ ভিত্তিত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এই আঁচনিৰ বাবে বাচনি কৰা হয়। এনেদৰে যোৱা ৫বছৰ মিলি মুঠ ১০০ গৰাকী সাংবাদিকে এতিয়ালৈ প্ৰতিমাহে ৮,০০০ টকাকৈ এই পেন্সন লাভ কৰি আছে ৷ চলিত বৰ্ষত বাচনি কৰা ২০ গৰাকীৰে এই সংখ্যা ১২০ হৈছে।