অসম

বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰুক লক্ষ্মীনাথ ফুকন বঁটা, বশিষ্ঠ দেৱ ফুকনক সাহিত্য সভাৰ পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত মঙলবাৰে কেবাগৰাকী সাংবাদিকক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বঁটা প্ৰদান কৰা হয়। আনন্দ চন্দ্ৰ বৰুৱা মঞ্চত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই সঞ্চালনা কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় লহ্মীনাথ ফুকন সাংবাদিক বঁটা, কীৰ্তিনাথ হাজৰিকা বঁটা আৰু পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা।

লক্ষ্মীনাথ ফুকন সাংবাদিক বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক-নিবন্ধকাৰ, আমাৰ অসম কাকতৰ সম্পাদক প্রশান্ত ৰাজগুৰুক। অনুষ্ঠানটোত 'প্ৰতিদিন টাইম'ৰ সাংবাদিক বশিষ্ঠ দেৱ ফুকনক প্ৰদান কৰা হয় পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা।

ঠিক তেনেদৰে কীৰ্তিনাথ হাজৰিকা বঁটা প্ৰদান কৰা হয় বেদব্ৰত মিশ্ব আৰু বিপুল ডেকাক আৰু পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা লাভ কৰা আন দুগৰাকী সাংবাদিক 'দৈনিক জনমভূমি' কাকতৰ মনোৰঞ্জন বড়ি আৰু 'ডি ৱাই ৩৬৫'ৰ তপন কুমাৰ বৰা।

সাংবাদিককেইগৰাকীক বঁটাৰ সৈতে প্ৰদান কৰা হয় এখন ফুলাম গামোচা, জাপি, সফুৰা, মানপত্ৰৰ লগতে আন বহু সামগ্ৰী।