অসম

নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা…

asomiyapratidin

ডিজিটেল ডেস্ক : বৰপেটাৰোডত সংবাদিক আব্দুল খালেকক যোৱা নিশা এক দুৰ্বৃত্তৰ দলে সংঘবদ্ধ হৈ আক্ৰমণ কৰে । ঘটনা সন্দৰ্ভত জনিব পৰা মতে পূজা থলীৰ বাতৰি সং্গ্ৰহ কৰিবলৈ যোৱা সাংবাদিক গৰাকীয়ে পূজা মণ্ডপৰ ওচৰতে এদল যুৱক কাজিয়াত লিপ্ত হোৱা প্ৰত্যক্ষ কৰি কাষ চাপি যায় আৰু মাৰপিটৰ দৃশ্যও মোবাইলত বন্দী কৰে ।

এই ঘটনাত ক্ষুব্ধ হৈ কাজিয়াত লিপ্ত উদণ্ড যুৱকৰ দলটোৱে সাংবাদিক গৰাকীক মাৰ ধৰ কৰাৰ উপৰি অশ্লীল গালি গালাজ কৰাৰ লগতে তেওঁৰ মোবাইল ফোন দুটাও কাঢ়ি লৈ যায় । ইয়াৰ পিছত সাংবাদিক খালেকে ঘটনা সন্দৰ্ভত বৰপেটা ৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছে বৰপেটা জিলা সাংবাদিক সন্থা, বৰপেটা ৰোড প্ৰেছ ক্লাৱৰ লগতে অনেযান্য় দল সংগঠনে । এই ক্ষেত্ৰত লক্ষনীয় কথাটো হ'ল পূজা গৃহত নিশাৰ ভাগত আৰক্ষীৰ দল থাকিব লাগিছিল যদিও মৰপিটৰ দৰে ঘটনা পূজা মণ্ডপৰ কাষতে ঘটি থকা স্বতেও সেই সময়ত সেই সময়ত পূজা মণ্ডপত আৰক্ষীৰ কোনো লোক নাছিল বাবে সাংবাদিক আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হ'বলৈ পালে ।