যোৰহাট

আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে তিতাবৰৰ মাধপুৰ পঞ্চায়ত কাৰ্যালয়

Asomiya Pratidin

ডিজিটেল সংবাদ,তিতাবৰঃ তিতাবৰৰ এটা আটকধুনীয়া পঞ্চায়ত কাৰ্যালয়। কাৰ্যালয়টোৰ চৌপাশৰ সৌন্দৰ্যই বৰ্তমান মোহিত কৰিছে বহুজনক।

যোৰহাট জিলাৰ ভিতৰতে অতিকৈ সুন্দৰ ৰূপত গঢ় লৈ উঠিছে তিতাবৰৰ ৮৭ নং মাধপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়টো। কাৰ্যালয়টোত আটকধুনীয়া দেৱাল অংকণ, পৰিস্কাৰ চৌপাশ, ধুনীয়া প্ৰেক্ষাগৃহ, ফুলৰ বাগিছা, স্বচ্ছতা আদিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চৌপাশৰ দেৱালত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ভূপেন হাজৰিকা, মহাত্মা গান্ধী, লালবাহাদুৰ শাস্ত্ৰী, জুবিন গাৰ্গ, লাভলীনা বৰগোহাঁই, এশিঙীয়া গঁড়, অসমৰ কৃষ্টি-সংস্কৃতি আদিৰ চিত্ৰ অংকণে কাৰ্যালয়টোক অধিক শুৱনি কৰি তুলিছে।

সভানেত্ৰী প্ৰিয়ংকা ফুকনৰ দুৰদৰ্শী চিন্তা আৰু সৱল প্ৰচেষ্টাতে চালে চকুৰোৱা হৈ উঠিছে এই মাধপুৰ পঞ্চায়ত কাৰ্যালয়টো। বৰ্তমান কাৰ্যালয়টোৰ সন্মুখত ভৰি থলেই উদ্যানসদৃশ অপৰূপ সৌন্দৰ্যই বহুজনৰ মন পুলকিত কৰি তোলে। যি সময়ত ৰাজ্যৰ একাংশ পঞ্চায়তত বিয়াগোম দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হয় তেনে সময়তে ৮৭ নং মাধপুৰ পঞ্চায়তৰ কেতবোৰ প্ৰসংশনীয় কাৰ্যই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

পঞ্চায়তটোৰ সামগ্ৰীক উন্নয়ণৰ সমান্তৰালকৈ ১১ টা গ্ৰামাঞ্চলৰ সৰু-বৰ পথ নিৰ্মাণ, দৰিদ্ৰক আৱাস গৃহ প্ৰদান আৰু প্ৰান্তে প্ৰান্তে ডাষ্টবিন বিতৰণ কৰি স্বচ্ছতাৰ ইতিবাচক বাৰ্তা দিয়া আদিৰো প্ৰয়াস অব্যাহত ৰাখি পঞ্চায়ত কৰ্মীসকলে। যোৰহাট জিলাৰ ভিতৰত আদৰ্শস্বৰূপ হৈ পৰা মাধপুৰ পঞ্চায়টোক এনে ৰূপ দিয়াত সভানেত্ৰী প্ৰিয়ংকা ফুকনৰ লগতে প্ৰতিগৰাকী পঞ্চায়তকৰ্মীক বৰ্তমান অঞ্চলটোৰ সচেতন ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে।