তিতাবৰ শিক্ষাখণ্ডৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি...
তিতাবৰ শিক্ষাখণ্ডৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি...  
যোৰহাট

তিতাবৰ শিক্ষাখণ্ডৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ তিতাবৰ: নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিবৰ্তন অনাৰ লক্ষ্যৰে দেশজুৰি প্ৰবৰ্তন কৰা 'নিপুন ভাৰত অভিযান'ৰ আৰ্হিত অসম চৰকাৰে প্ৰস্তুত কৰা 'নিপুন অসম অভিযান'ৰ অংশ হিচাপে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে 'বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা' চমুকৈ এফ এল এনৰ এলানি প্ৰশিক্ষণ কাৰ্যসূচী অসমৰ বিভিন্ন জিলাৰ লগতে যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ শিক্ষাখণ্ডতো অনুষ্ঠিত কৰা হয়।

যোৱা ১৬ নৱেম্বৰৰ পৰা মাধপুৰৰ পদ্মৰাম শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফলতাৰে সামৰণি পৰে। প্ৰশিক্ষণ কাৰ্যসূচীটোত তিতাবৰ শিক্ষাখণ্ডৰ মুঠ ৩৭০ খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক সাঙুৰি লোৱা হয় বুলি জানিব পৰা গৈছে।

প্ৰতিটো পৰ্যায়ত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীটোৱে শিক্ষক প্ৰশিক্ষাৰ্থীসকলক ২০২৬-২৭ চনলৈকে তৃতীয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ধাৰণা প্ৰদানৰ ক্ষেত্ৰত উপকৃত কৰে। তিতাবৰ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া পবিত্ৰ তামূলীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা কাৰ্যসূচীটোত তিতাবৰ ডায়েটৰ প্ৰবক্তা নেত্ৰ গগৈকে ধৰি তিতাবৰ শিক্ষাখণ্ডৰ কেইবাজনো বিষয়ববীয়াই বিভিন্ন সময়ত প্ৰশিক্ষণ কাৰ্যসূচীটোৰ সফল পৰিচালনা কৰাত সহায় আগবঢ়ায়।

মাধপুৰ মণ্ডলৰ মণ্ডল সমন্বয়ক প্ৰাণজিত বৰকাকতিৰ তত্বাৱধানৰ লগতে টেঙাজান মণ্ডলৰ সমন্বয়ক ৰাজা শইকীয়া, বিৰিণাশায়েক আৰু দিহিঙীয়া মণ্ডলৰ সমন্বয়ক জ্ঞানদীপ দত্ত আৰু মেলামাটি মণ্ডলৰ সমন্বয়ক অলকেশ শৰ্মাৰ তদাৰকত সমাপ্ত হোৱা সমগ্ৰ অনুষ্ঠানটোৰ সামৰণিৰ দিনা তিতাবৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পবিত্ৰ তামূলী, তথ্য ব্যৱস্থাপনা সমন্বয়ক আলটাফ আহমেদ আৰু মণ্ডল সমন্বয়ক সঞ্জীৱ গগৈয়ে প্ৰশিক্ষাৰ্থীসকলক অনুষ্ঠানটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে সমগ্ৰ অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে ৰাজু দাস, অৰুণ কাঁৱাৰ, প্ৰাঞ্জল বৰদলৈ, ফানচেং চিংফৌ, পল্লৱ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত সহায় কৰে।