যোৰহাট

বেকাজানত কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী সভাত মন্ত্ৰী অজন্তা নেওগ

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজান : শনিবাৰে বেকাজানত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত বিজেপি আঠখেলীয়া মণ্ডলৰ উদ্যোগত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে। এই সভাত মন্ত্ৰী নেওগে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ পিছত তিতাবৰৰ বেকাজান পঞ্চায়ত গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ ছমাহৰ ভিতৰত পঞ্চায়তখনৰ উন্নয়নৰ বাবে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈ প্ৰায় ১৫ কোটি টকা আবণ্টন কৰি আনিছো।

ইয়াৰে ১২ কিলোমিটাৰ পথৰ বাবে ১২কোটি টকা আৰু ১০টা অংগনবাডী কেন্দ্ৰ নিৰ্মাণ বাবে আঢ়ৈ কোটি টকা। তদুপৰি বেকাজান নদীৰ মথাউৰী নিৰ্মাণ আৰু গৰাখহনীয়া ৰোধৰ বাবে ইতিমধ্যে পীয়ুষ হাজৰিকাৰ জলসম্পদ বিভাগে ১৫কোটি টকাৰ এক বৃহৎ প্ৰকল্পৰ হাতত লৈছে। এয়া বেকাজান পঞ্চায়ত বিজেপি দলৰ চৰকাৰৰ উন্নয়নৰ এক নমুনাহে।

"কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যিদৰে যুদ্ধৰ গতিত উন্নয়নৰ কাম আগবঢ়াই নিছে ঠিক সেইদৰে অসমতো হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন ক্ষিপ্ৰ গতিত লৈ গৈছে। ময়ো মোৰ গোলাঘাট সমষ্টিটোক অসমৰ ভিতৰতে শ্ৰেষ্ঠ সমষ্টি হিচাপে গঢ়ি তুলিব বাবে দিনে নিশাই কাম কৰিছো। বৰ্তমান বেকাজান পঞ্চায়তখন গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছত ২২খন পঞ্চায়তৰ ভিতৰত আটাইতকৈ ভাল পঞ্চায়ত হিচাপে গঢ়ি তুলিবলৈ সংকল্প লৈছো।"

"মই যেতিয়া প্ৰথমবাৰ বেকাজান পঞ্চায়ত ভ্ৰমণ কৰিছিলো তেতিয়া ইয়াৰ বাট-পথ জৰাজীৰ্ণ আছিল । যাৰ বাবে মোৰ গাড়ীত বহি যাওঁতেই কঁকাল বিষায় গৈছিল। বেকাজান পঞ্চায়ত বাট-পথৰ দুৰাৱস্থা কথা মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পিছতে তৎক্ষণাত ১২ কোটি কোটি অনুমোদন দিয়ে। গতিকে আপোনালোকে গম পাইছে তিতাবৰ সমষ্টিত থাকোতে এনে দ্ৰুত উন্নয়ন হোৱা নাছিল।" বুলি মন্ত্ৰীগৰাকীয়ে কয়।

লগতে কয়- অসম-নাগালেণ্ড সীমান্তৰ এই পিছ পৰা ৰাইজে আজি উন্নয়ন বিচাৰিছে। গতিকে উন্নয়ন হ'বলৈ হলে আমি নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি বিজেপিৰ হাত শক্তিশালী কৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাত শক্তিশালী কৰিব লাগিব। গতিকে মই যেনেকৈ আপোনালোকৰ উন্নয়নৰ কাম কৰিছো তেনেকৈ প্ৰতিদান হিচাপে ভোট দি আমাক সাহস দিব লাগিব।

বেকাজান পঞ্চায়তৰ ১৮হাজাৰ ভোট যাতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক প্ৰদান কৰে ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ইয়াৰ পিছত বেকাজান এশঘৰীয়া গাঁৱত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিগত কংগ্ৰেছৰ কাৰ্যকালত ব্লক পৰ্যায়ত আঁচনি অন্তৰ্ধান হোৱা বেকাজান পঞ্চায়তত আঁচনি ৰূপায়ন হোৱা অনিয়ম আৰু বৈষম্যৰ বাবে ৰাইজ প্ৰকৃত উন্নয়নৰ পৰা বঞ্চিত হোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে যে, এইবাৰ বেকাজান পঞ্চায়ত নিজে উন্নয়নত চকু দিব। কোনোধৰণৰ দুৰ্নীতি হ'বলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিয়ে। বিত্ত মন্ত্ৰীগৰাকীয়ে আক্ষেপ কৰি কয়- বেকাজান পঞ্চায়ত দুৰ্নীতি হোৱাৰ বাবে পিছ পৰি ৰ'ল। সেয়ে এই অনগ্ৰসৰ বেকাজান পঞ্চায়তক আগুৱাই নিব লাগিব।

তেওঁ তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই সমষ্টিটোৰ কোনো উন্নয়ন নকৰা বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই আমাক সমষ্টিলৈ নামাতে। তেওঁ উন্নয়ন নিবিচাৰে তথাপি মই তিতাবৰলৈ আহোঁ। কিন্তু আজি বেকাজানবাসীৰ ভাগ্য ফুলিছে। কাৰণ বেকাজান পঞ্চায়ত গোলাঘাট সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু মোৰো সৌভাগ্য আপোনালোকৰ উন্নয়ন কৰিবলৈ পাম বুলি কয়।

আনহাতে বৰ্তমান বিজেপিয়ে ঘৰে ঘৰে অৰুণদোয় আঁচনি জৰীপ জৰীপ চলোৱাৰ সন্দৰ্ভত কয় যে, গোলাঘাট সমষ্টিত ইতিমধ্যে ২৩ হাজাৰ অৰুণদোয় দিয়া হৈছে। আমি বৰ্তমান জৰীপহে চলাইছো। এই আঁচনি নোপোৱাসকলে পিছত পাব। কংগ্ৰেছে এয়া ভুৱা বুলি ক'লেও অৰুণোদয় পোৱাসকলে ইতিমধ্যে গম পাইছে সঁচা নে মিছা।

কংগ্ৰেছে নিজেই একো দিব নোৱাৰে আৰু বিজেপিয়ে দিলে সমালোচনা কৰে। এয়াই কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ। আজি সভাত কংগ্ৰেছৰ দুই শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত গোলাঘাট বিজেপি সম্পাদক পোনা বৰা, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী, বিপুল কছাৰী ,ভাস্কৰ বৰচেতিয়া, গোপাল কছাৰী আৰু সঞ্জীৱ হাজৰিকা উপস্থিত থাকে।