যোৰহাট

প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ 'কনচেং বঁটা'

Asomiya Pratidin

ডিজিটেল ডেস্ক. যোৰহাটঃ ছশ বছৰীয়া গৌৰৱোজ্জল আহোম ৰাজত্বৰ বৰ অসম গঠনৰ অন্যতম খনিকৰ তথা প্ৰথমজনা বৰপাত্ৰগোঁহাই কনচেং বৰপাত্ৰগোঁহাই ডাঙৰীয়াৰ পৰিনাতি সকলে প্ৰতি বছৰে ২০ জানুৱাৰী দিনটো অসমৰ বিভিন্ন প্ৰান্তত কনচেং দিৱস ৰূপে উদযাপন কৰি আহিছে।

সদৌ অসম বৰপাত্ৰগোঁহাই বংশাৱলীৰ তত্বাৱধানত আয়োজিত হোৱা কনচেং দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম বৰপাত্ৰগোঁহাই বংশাৱলীয়ে ৰাজ্যৰ একোজন বিদ্বান আৰু অসমীয়া সমাজ তথা জাতীয় জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিক 'কনচেং বঁটা' প্ৰদান কৰে। এই বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিব প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াক।

অহা ২০ জানুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক কেন্দুগুৰিৰ বৰপাত্ৰ দৌল প্ৰাংগনত আয়োজিত হ'বলগীয়া নৱম সংখ্যক কনচেং সম্প্ৰীতি দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত এই বঁটা প্ৰদান কৰিব বুলি আজি সদৌ অসম বৰপাত্ৰগোঁহাই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক পবিত্ৰ বৰপাত্ৰগোঁহাই আৰু যুটীয়া সম্পাদক প্ৰণৱ বৰপাত্ৰগোঁহাইয়ে জনাইছে।