যোৰহাট

৯৫.১৭ শতাংশ নম্বৰেৰে বৰহোলালৈ গৌৰৱ কঢ়িয়ালে কস্তুৰী শইকীয়াই

Asomiya Pratidin

ডিজিটেল সংবাদ,তিতাবৰঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তিতাবৰ বৰহোলালৈ গৌৰৱ কঢ়িয়ালে ছাত্ৰী কস্তুৰী শইকীয়াই।বৰহোলাৰ বি কে একাডেমীৰ পৰা ৯৫.১৭ শতাংশ নম্বৰেৰে মেট্ৰিকত মেধাৰ পৰিচয় দাঙি ধৰিছে কস্তুৰী শইকীয়াই। স্বাস্থ্যকৰ্মী কিনাৰাম শইকীয়া আৰু নিৰদা শইকীয়াৰ জ্যেষ্ঠ কন্যা কস্তুৰী শইকীয়াৰ এই কৃতিত্বই অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ লগতে বৃহত্তৰ বৰহোলা অঞ্চলৰ ৰাইজক গৌৰাম্বিত কৰি তুলিছে।

সাধাৰণ বিজ্ঞানত আৰু উচ্চ গণিতত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা কস্তুৰীয়ে বিজ্ঞান শাখাত অধ্যয়ন কৰি এগৰাকী চিকিৎসক হোৱা লক্ষ্যৰে আগবঢ়াৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। নিজৰ পিতৃ-মাতৃৰ লগতে বি কে একাডেমীৰ কৰ্তৃপক্ষৰ উৎসাহ,প্ৰেৰণা আৰু প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগিতাক অশেষ ধন্যবাদ জনায় মেধাবী ছাত্ৰীগৰাকীয়ে।

কন্যাৰ সাফল্যত উৎফুল্লিত পিতৃ কিনাৰাম শইকীয়াইয়ো বি কে একাডেমীৰ সঞ্চালক বিবুল হাজৰিকা আৰু সকলো শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জনাই বিদ্যালয়খনৰ উন্নতমানৰ শিক্ষাই সকলো প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে বুলি মন্তব্য কৰে।