তিতাবৰত দিবা-নৈশ মুকলি ভলীবল প্ৰতিযোগিতা...
তিতাবৰত দিবা-নৈশ মুকলি ভলীবল প্ৰতিযোগিতা...  
যোৰহাট

তিতাবৰত দিবা-নৈশ মুকলি ভলীবল প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ মহকুমাৰ ঠেঙাল মৌজাৰ সামাজিক সাস্কৃতিক আৰু ক্ৰীড়াৰ অন্যতম পুৰণি অনুষ্ঠান বালিজান নৱজাগৰণ যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত ৩১ সংখ্যক দিবা নৈশ মুকলি আমন্ত্ৰণ মূলক ভলীবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা ১৯ ফেব্ৰুৱাৰীত অঞ্চলবাসী ৰাইজ আৰু ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ জালুকনিবাৰী সমষ্টিৰ কাৰ্যবাহী সদস্য শ্যামল কৃষ্ণ বৰাৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাত অসমৰ লগতে মণিপুৰ, নাগালেণ্ডৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰাৰ নিশ্চিতি প্ৰদান কৰিছে।

প্ৰয়াত সোমেশ্বৰ শইকীয়া সোঁৱৰণী প্ৰাইজমানি চেম্পিয়ন ট্ৰফী আৰু ভোলানাথ হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ৰানাৰ্ছাপ ট্ৰফীত সম্পন্ন হ'বলগা এই প্ৰতিযোগিতা সফল ভাবে অনুষ্ঠিত কৰিবলৈ শ্যামল কৃষ্ণ বৰাক সভাপতি অজিত হাজৰিকা আৰু কৌস্তৱ চুতীয়াক যুটীয়া সম্পাদক ৰূপে লৈ এখনি উদযাপন সমিতি গঠন কৰা হৈছে।

প্ৰতিযোগিতা পৰিচালনা সমিতিৰ অন্যতম সমন্বয়ক প্ৰাঞ্জল হাজৰিকা আৰু উত্তম হাজৰিকাই প্ৰতিযোগিতাৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।উল্লেখযোগ্য যে, মহকুমাটোৰ ঐতিহ্য মণ্ডিত এই অনুষ্ঠানে অঞ্চলটোৰ শৈক্ষিক সামাজিক আৰু ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণত ধাৰাবাহিক ভাবে কৰ্মসূচী অব্যাহত ৰাখিছে।