দেৱাশিস গগৈ হত্যাকাণ্ডত জড়িত ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড...
দেৱাশিস গগৈ হত্যাকাণ্ডত জড়িত ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড...  
যোৰহাট

দেৱাশিস গগৈ হত্যাকাণ্ডত জড়িত ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত ন্যায় পালে দেৱাশিস গগৈৰ পৰিয়ালে। দেৱাশিস গগৈক হত্যা কৰা ১১ জনক ন্যায়ালয়ে প্ৰেৰণ কৰিছে যাৱজ্জীৱন কাৰাগাৰলৈ।

নকছাৰীৰ দেৱাশিস গগৈ ২০২০ চনৰ ২৯ মে'ত গাভৰু চাহ বাগিচাত এদল লোকৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হৈছিল। যি আক্ৰমণত দেৱাশিসে প্ৰাণ ত্যাগ কৰিছিল।

এই সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিতে আৰক্ষীয়ে মুঠ ১৮ জন অভিযুক্তক আটক কৰি জে'ললৈ প্ৰেৰণ কৰিছিল। অৱশেষত দীৰ্ঘদিনীয়া ন্যায়িক যুঁজৰ অন্তত আজি যোৰহাট জিলা সত্ৰ ন্যায়ধীশৰ আদালতে ১৮ অভিযুক্তৰ ভিতৰত ৭ জনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে ১১ জনক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৰহাট জিলাৰ মৰিয়নিৰ গাভৰু চাহ বাগিচাৰ সন্মুখত ২০২০ চনৰ ২৯ মে'ৰ বিয়লি এটা সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল লোকে বৰ্বৰ ভাৱে ২২ বছৰীয়া যুৱক দেৱাশিস গগৈ আৰু তেওঁৰ বন্ধু আদিত্য দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ।

গণ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হোৱা দেৱাশিসক অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱাৰ উদ্দেশ্যৰৈ লৈ যোৱা হৈছিল যদিও হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল।