অসম

অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ, যোৰহাটঃ বুধবাৰে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ স্বাস্থ্যৰ অৱণতি ঘটাৰ পাছতো চৰকাৰে কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰা কাৰ্যৰ লগতে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰৰ লগতে সকলো কা বিৰোধী প্ৰতিবাদকাৰীক মুক্তি দিয়াৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শাৰীৰিক দূৰত্ব মানি মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট অধিবক্তা তথা যোৰহাট জিলা নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি হেমেন বৰা, অধিবক্তা সুদিপ্ত নয়ন গোস্বামী, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মনজিৎ কলিতাৰ লগতে যোৰহাটৰ বিভিন্নজন সচেতন ব্যক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকল উপস্থিত থাকে৷

কাৰ্যসূচীত উপস্থিত থাকি সকলোৱে অখিল গগৈ, বিতু সোনোৱাল আৰু ধৈৰ্য কোঁৱৰক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে দাবী উত্থাপন কৰি চৰকাৰে অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ কাৰাবন্দী সকলক কাৰাগাৰতে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰি বিজেপি চৰকাৰক অনতি পলমে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰৰ লগতে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱাংগনা কলিতাসহ সকলো কা বিৰোধী প্ৰতিবাদকাৰীক মু্ক্তি কৰি দিবলৈ দাবী উত্থাপন কৰে৷