অসম

যোৰহাটৰ হোটেলত কোৱাৰেন্টাইনত থকা এজনৰ আত্মহত্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৰহাটত কোৱাৰেন্টাইনত থকা এজন লোকৰ আত্মহত্যা কৰা ঘটনাই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শুকুৰবাৰৰ পৰা যোৰহাটৰ সীমা হোটেলত কোৱাৰেন্টাইনত আছিল শৈলেন চুৰেন নামৰ লোকজন।

পশ্চিমবংগৰ পাল্লাৰ পৰা আহিছিল এটা ১০জনীয়া দল। বীৰেন্দ্ৰ কন্ট্ৰেকশ্যন নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত বাবে আহিছিল এই দলটো। তেওঁলোকৰ শ্বাব সংগ্ৰহ কৰাৰ লগতে শুকুৰবাৰে এই হোটেলখনত কোৱাৰেন্টাইন কৰা হৈছিল।

কিবা কাৰণত এই দলটোৰ মাজতে শুকুৰবাৰে দিনৰ ১.৩০ বজাত কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰপাছতে ২৭০ নং কোঠাত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এই লোকজনৰ মৃতদেহ। আৰক্ষীয়ে সমগ্ৰ কাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।