অসম

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডঃ জাহ গ’ল ২০টা বাসগৃহ, ৮টা চিলিণ্ডাৰ বিস্ফোৰণ… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৰহাটত শনিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২০টাকৈ বাসগৃহ। জানিব পৰা মতে, এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাসগৃহ কেইটাত কোনো লোক নাছিল। কিয়নো সকলো ব্যস্ত আছিল ষট পূজাত।

যোৰহাটৰ ৰাজা মৈডাম ৰোডৰ হৰিজন কলনীত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ৮টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় এই অগ্নিকাণ্ডত। অৱশ্যে বৰ্তমানলৈ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে নিৰ্বাপিত কৰিছে জুই।