অসম

হায় মানৱতা! যোৰহাটত ১২ ঘণ্টা চোতালত পৰি ৰ’ল মৃতদেহ

asomiyapratidin

ডিজিটেল সংবাদ, যোৰহাটঃ জীৱশ্ৰেষ্ঠ মানুহৰ মানৱীয় প্ৰমূল্যবোধ পাহৰি এজন লোকৰ মৃতদেহ সৎকাৰ নকৰি ১২ ঘন্টাকৈ চোতালত পেলাই থোৱাৰ দৰে অমানৱীয় ঘটনা সংঘটিত হয় যোৰহাটত। দক্ষিণ যোৰহাটৰ চিনামৰাৰ সমীপৰ কৰঙাজনীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। 

গাঁওখনৰ মুনীন গগৈ নামৰ লোকজনৰ যোৱা শুক্ৰবাৰে নিশা পৰিয়ালৰ সদস্যৰ সৈতে বিবাদ হৈছিল। পেছাত ব্যৱসায়ী মুনীন গগৈৰ পত্নী আৰু পুত্ৰ-কন্যাৰ সৈতে হোৱা কাজিয়াত আহত হোৱাৰ পাছত স্থানীয় আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। পাছত উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰু তাতেই সোমবাৰে লোকজনৰ মৃত্যু হয়।

মৃতদেহ ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ বাসগৃহলৈ অনা হয় যদিও চোতালত পৰি থকাৰ পাছতো সৎকাৰ কৰিবলৈ অমান্তি হয় স্থানীয় ৰাইজ। স্থানীয় লোকসকলে মুনীন গগৈক পত্নী আৰু পুত্ৰ কন্যাই হত্যা কৰা বুলি অভিযোগ কৰে আৰু হত্যাৰ বিচাৰ নোহোৱা পয্যন্ত মৃতদেহ সৎকাৰত কোনো লোকে অংশ নলয় বুলি প্ৰকাশ কৰে।

স্থানীয় ৰাইজে ঘৰখনক সামাজিকভাবে এঘৰীয়া কৰাৰো সিদ্ধান্ত লয়। এনে অৱস্থাত ঘৰৰ চোতালতে ১২ ঘন্টাৰো অধিক সময় পৰি ৰয়। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও কোনো লোকে এজাহাৰ দাখিল নকৰাত কোনো ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকে।

অৱশেষত বিয়লিৰ ভাগত, স্থানীয় একাংশ মহিলাই এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মৃত মুনীন গগৈৰ পুত্ৰ দীপাংকৰ গগৈক গ্ৰেপ্তাৰ কৰাত ৰাইজে মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰে। কিন্তু পাৰিবাৰিক বিবাদ আৰু ৰাইজৰ অভিযোগৰ মাজত এটি মৃতদেহ ঘন্টাৰ পাছত ঘন্টা ধৰি চোতালতে পৰি থাকে আৰু নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰে আৰক্ষীয়ে। ৰাজ্যত যোৱা দুদিনত সংঘটিক এয়া হৈছে এনেধৰণৰ তৃতীয়টো ঘটনা।