অসম

যোৰহাটৰ চিনামাৰা কলেজত ‘দধি মহন্ত স্মাৰক ৰাষ্ট্ৰীয় বঁটা’ আৰু ‘ভবানন্দ দত্ত সোঁৱৰণী বটা’ প্ৰদান

asomiyapratidin

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ চিনামাৰা কলেজত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শনিবাৰে বিশিষ্ট গৱেষক, ইতিহাসবিদ পাঞ্জাবৰ যোধপুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ওম প্ৰকাশক 'দধি মহন্ত স্মাৰক ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ যোগেন কলিতাই। বঁটাত আছে এখন মানপত্ৰ, এটি স্মাৰক প্ৰতীক আৰু চেলেং চাদৰ।

উল্লেখযোগ্য যে, যোৱা কেইবাবছৰ ধৰি মহাবিদ্যালয়খনৰ মোহন চন্দ্ৰ মহন্ত অধ্যয়ন কেন্দ্ৰই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইতিহাসবিদক এই বঁটা প্ৰদান কৰি আহিছে। অনুষ্ঠানত 'ভবানন্দ দত্ত সোঁৱৰণী বটা' প্ৰদান কৰে যশস্বী বুদ্ধিজীৱী ডঃ শিৱনাথ বৰ্মনে। উল্লেখযোগ্য যে, যোৱা বছৰৰ পৰা দধি মহন্ত স্মাৰক নিধি‌য়ে ৰাজ্যৰ একোজন বিশিষ্ট লেখকক এই বঁটা প্ৰদান কৰি আহিছে।

এই অনুষ্ঠানতে স্থানীয় সমাজহিতৈষী হোমেশ্বৰ দেৱশৰ্মাৰ স্মৰণত মহাবিদ্যালয়খনে প্ৰৱৰ্তন কৰা বঁটা প্ৰদান কৰা হয় বিহুৰ এগৰাকী গৱেষক আৰু শিল্পী বিমান বৰুৱাক। একেটা অনুষ্ঠানতে চাও দেবেন্দ্ৰ চৰণ বৰবৰুৱাকে ধৰি কেইবাজনো বৰেণ্য স্থানীয় ব্যক্তিক সন্মান জনোৱা হয়।