অসম

ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হোৱা ইউপিএছচি পৰীক্ষাৰ ফলাফলত যোৰহাটৰ চীজল আগৰৱালাই ১১২তম স্থান লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৰহাটৰ কাৰ্মেল স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ যোৰহাটৰে আছাম ৰাইফলছ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা বি.কম (B.Com) পাছ কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয়।

চীজলে ইউপিএছচিত চাৰিবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হয়। চীজল যোৰহাটৰ ব্যৱসায়ী বিনোদ কুমাৰ আগৰৱালা আৰু মমতা দেৱী আগৰৱালাৰ কন্যা তথা যোৰহাটৰ চেম্বাৰ ৰোডৰ বাসিন্দা।