অসম

৫-১৬ ডিচেম্বৰলৈ দ্বাদশ যোৰহাট গ্ৰন্থমেলা

asomiyapratidin

ডিজিটেল সংবাদ, যোৰহাটঃ চলিত বৰ্ষৰ ৫ ডিচেম্বৰ পৰা ১৬ ডিচেম্বৰলৈকে যোৰহাটত অনুষ্ঠিত হ'ব 'দ্বাদশ যোৰহাট গ্ৰন্থ মেলা'। অসম শৈক্ষিক কেন্দ্ৰৰ উদ্যোগত যোৰহাট নগৰস্থিত জে.ডি.এ. খেলপথাৰত অনুষ্ঠিত হ'ব গ্ৰন্থমেলাখন৷ বৰ্তমান পূৰ্ণ গতিত চলিছে এই গ্ৰন্থ মেলা প্ৰস্তুতিৰ কাম।

উল্লেখযোগ্য যে, দেশী-বিদেশী বহু গ্ৰন্থ প্ৰতিষ্ঠানে এই গ্ৰন্থ মেলাত যোগদান কৰিব বুলি জানিবলৈ দিয়াৰ লগতে সমূহ গ্ৰন্থপ্ৰেমী ৰাইজক অংশ গ্ৰহণ কৰিবৰ বাবে অসম শৈক্ষিক কেন্দ্ৰৰ সভাপতি ড০ বিচিত্ৰ বৰঠাকুৰ আৰু সম্পাদক ৰমেন গগৈয়ে সবিনয়েৰে আহ্বান জনাইছে৷