অসম

কিয় দেখুৱাবি ক’লা পতাকা! যোৰহাট জিলা আছুৰ সাধাৰণ সম্পাদকক খুন্দিয়ালে অগপ নেতাৰ বাহনে, গুৰুতৰভাৱে আহত জিতু নেওগ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ সমগ্ৰ ৰাজ্যজুৰি 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে৷ নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ দিছে খিলঞ্জীয়া ৰাইজে৷ সোমবাৰে যোৰহাটৰ টীয়কৰ ভগামুখত গণতান্ত্ৰিক ভাৱে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি থকা অৱস্থাত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা সহ এটি দল সেইপথেৰে যাওঁতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয়৷

তেনেস্থলত বিধায়িকা গৰাকীৰ ঘনিষ্ঠ লগতে যোৰহাট জিলা অগপৰ সম্পাদক বিকাশ শইকীয়াই এখন স্ক'ৰপিঅ' গাড়ীৰে (AS01DT7635) আছু সদস্য সকলক পৰিকল্পিত ভাৱে খুন্দা মাৰিবলৈ লোৱাৰ ফলত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদৰ জিতু নেওগ আঘাত প্ৰাপ্ত হয়৷

আনহাতে যোৱা ৩০ ডিচেম্বৰত জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগক ৰাতি ১২.৪৫ বজাত এখন স্কৰপিঅ', এখন ইন'ভা আৰু এখন পালচাৰ বাইক লৈ হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ অগপৰ যোৰহাট জিলা সমিতিৰ সম্পাদক বিকাশ শইকীয়া আৰু টীয়ক জিলা পৰিষদৰ সদস্য গৰাকীৰ স্বামী মহেন্দ্ৰ গগৈৰ নেতৃত্বত এটা দলৰ বিৰুদ্ধে।

ইফালে এই অভিযোগ তুলি ভগামুখ থানাত জিতু নেওগে এখন এজাহাৰ দাখিল কৰিছিল। তাকে লৈ বিধায়িকা গৰাকীৰ লগতে আনসকলক তীব্ৰ ভাষাৰে গৰিহণা দিছে টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই৷ এক প্ৰেছ বিবৃতিত টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সভাপতি দেৱব্ৰত শইকীয়া, সাধাৰণ সম্পাদক কংকুল বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সাংগঠনিক সম্পাদক ইছফাক আলি আহমেদে কয় যে, অতি শীঘ্ৰে প্ৰশাসনে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰক৷

কোনো কাৰণত যাতে দোষী সাৰি যাব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনে বিহিত ব্যৱস্থা শীঘ্ৰে গ্ৰহণৰ দাবী জনাইছে। আৰু যদি দোষীৰ ওপৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ দিছে।

আনহাতে যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা আৰু সম্পাদক প্ৰশান্ত দত্তই কয়, গণতান্ত্ৰিক আন্দোলনক মৰ্যাদা দিব নজনা এনেকুৱা জনপ্ৰতিনিধিয়ে উচিত শিক্ষা পাবই।

সিংহ যুৱক প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যুবাৰ্ষিকী সোমবাৰে সমাধিক্ষেত্ৰত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা তথা যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সহযোগত শ্ৰদ্ধাঞ্জলি আৰু সংকল্প সভা অনুষ্ঠিত হয়।

যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক প্ৰবাল কুমাৰ দত্ত, প্ৰাক্তন ছাত্ৰ নেতা প্ৰতাপ দত্ত, কা আন্দোলনত শ্বহীদ হোৱা ৰাজেন বৰুৱাৰ পত্নী জোন মনি বৰুৱা, ললিত চন্দ্ৰ ৰাজখোৱাৰ জ্যেষ্ঠ ভাতৃ হৰেন ৰাজখোৱা, ভাতৃ যোগল ৰাজখোৱা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দিলিপ বৰা, নাৰী শক্তিৰ হৈ ৰশ্মিৰেখা ভট্টাচাৰ্য, প্ৰাক্তন ছাত্ৰ নেতা তথা টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, সহকাৰী সম্পাদক দীপাংকৰ বেজবৰা, প্ৰাঞ্জল দত্ত, শিক্ষা সম্পাদক বিতোপন পুদ্দাৰ, শিমলুগুৰি মৌজা আছুৰ সভাপতি দেৱব্ৰত শইকীয়া, সম্পাদক কংকুল বৰুৱা, সহকাৰী সম্পাদক পৱিত্ৰ বৰা, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সদস্য বিতো ৰাজখোৱা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য নৰেশ গোস্বামীকে ধৰি বহু স্থানীয় ব্যক্তি উপস্থিত থাকে।