অসম

বিশিষ্ট সমাজকৰ্মী জোৰেন চন্দ্ৰ কেওঁটৰ মৃত্যুত লামডিঙত শোক…

asomiyapratidin

ডিজিটেল সংবাদ লামডিংঃ লামডিং হাৰলংফাৰ নামঘৰৰ বায়ন তথা বিশিষ্ট সমাজকৰ্মী জোৰেন চন্দ্ৰ কেওঁটৰ শনিবাৰে ৬২ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কিছুদিন আগৰে পৰা হৃদৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট শিল্পীগৰাকীক শনিবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়খনে স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ পৰিয়ালক পৰামৰ্শ দিয়ে।

সেইমতে তেওঁক পৰিয়ালে গুৱাহাটীৰ পৰা আনি লামডিংৰ ৰে'লৱে চিকিৎসালয়ত ভৰ্তি কৰে যদিও শনিবাৰে পুৱা প্ৰায় ৪ বজাত তেওঁৰ মৃত্যু হয়। ৰে'লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে বিগত ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। আনহাতে লামডিংৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত জোৰেন চন্দ্ৰ কেওঁটৰ পুত্ৰ এটি ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক। মৃত্যুৰ সময়ত সাংবাদিক পুত্ৰৰ লগতে পত্নী আৰু এগৰাকী কন্যাক তেওঁ এৰি থৈ গৈছে।

বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত লামডিংত শোকৰ ছাঁ পৰিছে।