অসম

তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান আৰম্ভ কৰে। জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৱে জোনবিল মেলাত এটি অস্থায়ী কাৰ্য্যালয় স্থাপনৰ জৰিয়তে এই স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

এই মেলাৰ প্ৰথম দিনাই জোনবিল মেলা পৰিচালনা সমিতি সম্পাদক জোৰচিং বৰদলৈয়া এই স্বাক্ষৰ অভিযানৰ কাৰ্য্যালয়টি উদ্বোধন কৰে। কাৰ্যালয় উদ্বোধন কৰি তেওঁ কয় যে- জনসংখ্যা সমাধান ফাউণ্ডেশ্যন মৰিগাঁও জিলা সমিতি এই স্বাক্ষৰ অভিযান কাৰ্যসূচীক শলাগ লোৱা লগতে আমাৰ দেশত জনসংখ্যা ৰোধৰ বাবে এখন কঠোৰ আইন বৰ্ত্তমান প্ৰয়োজন হৈ পৰিছে আৰু চৰকাৰক অতি সোনকালে ইয়াৰ ব্যবস্হা লবলৈ আহ্বান জনায়।

পৰবৰ্ত্তী সময়ত চলা এই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ স্বাক্ষৰ অভিযানত তিৱা স্বায়ত্ত পৰিষদ উপাধ্যক্ষ অংকুৰ ডেউৰীকে ধৰি বহু লোকে সহযোগ কৰে। আনহাতে, দেশৰ সকলো সমস্যাৰ ভিতৰত জনসংখ্যা বিস্ফোৰণ এক অন্যতম সমস্যা বুলি অভিহিত কৰি জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন হ'লেহে শান্তি আৰু প্ৰগতিৰ দিশে আমাৰ দেশ ভাৰতবৰ্ষ আগবাঢ়িব পাৰিব ৷ অন্যথা অতি কম সময়ৰ ভিতৰত চীনক চেৰ পেলাই ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ হ'ব বুলিও মন্তব্য কৰে জনসংখ্যা সমাধান ফাউণ্ডেচন উত্তৰ-পূৱ ক্ষেত্ৰ আৰু অসম প্ৰান্তৰ আন এক কৰ্মকৰ্তাই৷