'জ্ঞানপীঠ' বিজয়ী বিশিষ্ট কবি নীলমণি ফুকনৰ স্বাস্থ্য অতি সংকটজনক...
'জ্ঞানপীঠ' বিজয়ী বিশিষ্ট কবি নীলমণি ফুকনৰ স্বাস্থ্য অতি সংকটজনক... 
অসম

'জ্ঞানপীঠ' বিজয়ী বিশিষ্ট কবি নীলমণি ফুকনৰ স্বাস্থ্য অতি সংকটজনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঋষিতুল্য কবি নীলমণি ফুকনৰ স্বাস্থ্য অতি সংকটজনক। জ্ঞানপীঠ বঁটা বিজয়ী মহীৰূহগৰাকীৰ চিকিৎসা চলি আছে তেওঁৰ বাসগৃহত। পুত্ৰ, বোৱাৰী চিকিৎসক হোৱাৰ সুত্ৰে সকলোখিনি ব্যৱস্থা ঘৰতে কৰি চিকিৎসা কৰি থকা হৈছে তেওঁক।

বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লৈছে পৰিয়ালে। আই চি ইউত দিব পৰা সকলো ব্যৱস্থা লোৱা হৈছে কবিগৰাকীৰ বাবে। উল্লেখযোগ্য যে মঙ্গলবাৰৰ দুপৰীয়াৰ পৰাই কবিগৰাকীৰ স্বাস্থ্য অতি সংকটজনক হৈ পৰে।

তাৰ পাছৰ পৰাই তেওঁক কৃত্ৰিম অস্কিজেন আন চিকিৎসাৰ পৰ্যাপ্ত সুবিধা কৰি ঘৰতে চিকিৎসা কৰি থকা হৈছে। বিশিষ্ট কবিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে গুণমুগ্ধসকলে। পৰিয়ালেও আশা কৰিছে কবিগৰাকী পুনৰ সুস্থ হ'ব। এতিয়া সকলো নিৰ্ভৰ কৰিছে নেদেখাজনৰ ওপৰত।