অসম

অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ…

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ কাকজান আঞ্চলিক ছাত্র সন্থাই যোৰহাট বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠানত সংঘটিত অনিয়মৰ অভিযোগ আনি কাৰিকৰী প্ৰতিষ্ঠানখনৰ অধ্যক্ষকে ধৰি আন তিনিজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰুজু কৰা গোচৰত অভিযুক্ত অধ্যক্ষ গৰাকীয়ে উচ্চ ন্যায়ালয়ে প্ৰদান কৰা অগ্ৰিম জামিনৰ নিৰ্দেশ লৈ বুধবাৰে লাহদৈগড় আৰক্ষী চকীত উপস্থিত হয়। উল্লেখযোগ্য যে, উজনি অসমৰ অন্যতম উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান যোৰহাটৰ চতাইস্থিত "যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান"ৰ নিযুক্তি আৰু ঠিকা বিতৰ্কক লৈ সৃষ্টি হোৱা বিতৰ্কৰ কোনো উত্তৰ শিক্ষা প্ৰতিষ্ঠান খনৰ তৰফৰ পৰা দিয়া নাছিল যদিও আজি অৱশেষত মুখ খুলিলে অধ্যক্ষই।

বিগত কিছুদিনৰ পৰা প্ৰতিষ্ঠানটোত নিযুক্তি কেন্দ্ৰিক বিতৰ্ক আৰু বিভিন্ন শিতানৰ পৰা আবন্টিত পুঁজিক লৈ বিতৰ্ক অব্যাহত থকাৰ লগতে খোদ অধ্যক্ষগৰাকী এনে অনিয়মত প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযোগ তুলিছিল কাকজান আঞ্চলিক ছাত্ৰ সন্থাই। আনকি যোৱা ১৯ জুলাইত কাকজান আঞ্চলিক ছাত্ৰ সন্থাই অধ্যক্ষগৰাকীৰ ওপৰত টীয়ক আৰক্ষী থানাত এক গোচৰ তৰিছিল। সম্প্ৰতি উক্ত গোচৰৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰা অধ্যক্ষগৰাকীৰ সৈতে বিষয়টো সন্দৰ্ভত এই প্ৰতিবেদকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে – তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্তি এগৰাকী অধ্যক্ষই প্ৰদান কৰিব নোৱাৰে। ২০১৯ চনৰ জুলাই মাহত কাৰিকৰী সঞ্চালকালয়ৰ নিৰ্দেশমৰ্মে নাজিৰ পদত অজন্তা দত্ত, আৰু কাৰ্যালয় সহায়কৰ পদত ক্ৰমে বিদ্যাৰ্থী বৰা, নৱনীতা বৰঠাকুৰে নিযুক্তি লাভ কৰিছিল। একেদৰে কাৰিকৰী সঞ্চালকালয়ৰ নিৰ্দেশনা মৰ্মেই ২০২১ বৰ্ষৰ ২৫ জুনত তিনিওগৰাকী কৰ্মচাৰীকেই পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

ইফালে, প্ৰতিষ্ঠানটোলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক জালিয়াতি সংঘটিত হোৱা বুলি কাকজান আঞ্চলিক ছাত্র সন্থাই অভিযোগ তোলাৰ বিপৰীতে খুদ সভাপতি গৰাকীয়েই প্ৰতিষ্ঠানটোত কেইবালাখ টকাৰ ঠিকা কৰা বুলি চৰ্চা চলি থকা বিষয়টোক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয় – চতাইস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ ক্ষতিপূৰণৰ নামত লাভ কৰা ধনৰাশিৰ পৰা মাটি পেলোৱাৰ নামত ২০১৬ বৰ্ষত ২ লাখ ৬৭ হাজাৰ টকাৰ কাম আবন্টন পাইছিল সংকল্প গগৈ আৰু হেমন্ত গগৈয়ে‌। কাকজান আঞ্চলিক ছাত্ৰ সন্থাই তোলা অভিযোগ মতে নিবিদা অবিহনে অধ্যক্ষগৰাকীয়ে আবন্টিত পুঁজি কেনেকৈ ব্যৱহাৰ কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় – প্ৰতিষ্ঠানটোৰ অধিক উন্নয়নৰ কথা চিন্তা কৰি সেই সময়ৰ উপায়ুক্তগৰাকীয়ে তেতিয়াৰ এগৰাকী অতিৰিক্ত উপায়ুক্তক সভাপতিৰ দায়িত্ব দি এখন নিৰ্মাণ কমিটি গঠন কৰি দিছিল।

উক্ত কমিটিৰ জড়িয়তেই ক্ষতিপূৰণৰ নামত লাভ কৰা পুঁজি ব্যৱহাৰ হৈছিল। আনহাতে ২০২০ বৰ্ষতো সংকল্প গগৈৰ বাৰম্বাৰ হেচাঁতেই আলোক এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোক ১৪ লাখ টকাৰ বৈদ্যুতিকৰণ সম্পৰ্কীয় কাম-কাজৰ ঠিকা আবন্টন দিছিল। একে সময়তে ইটিচি লেবৰেটৰী ডেস্কটপৰ নামতো সংকল্প গগৈয়ে প্ৰায় ৭ লাখ ১৫ হাজাৰ টকাৰ কাম নিবিদা অবিহনেই লাভ কৰিছিল বুলি মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে। এতিয়া প্ৰশ্ন হয় – স্বাভাৱিকতে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কোনো কামতেই মই জড়িত নহয় বুলি কোৱা কাকজান আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সংকল্প গগৈয়ে নিবিদা অবিহনেই লাভ কৰিছিল নেকি লাখ লাখ টকাৰ ঠিকা? নে ঠিকা লাভ কৰাজন আন কোনো সংকল্প গগৈহে? অৱশ্যে কাকজান আঞ্চলিক ছাত্ৰ সন্থাই তৰা ৪৭৩/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰা তদন্তত পোহৰলৈ আহিব প্ৰকৃততে ঠিকাদাৰ সংকল্প গগৈ কোনগৰাকী ?