অসম

আৰক্ষী বিষয়‍া ৰেনুকুন্তলা শীতল কুমাৰক বৰ্খাস্তৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাতত আৰক্ষী বিষয়‍া ৰেনুকুন্তলা শীতল কুমাৰক বৰ্খাস্তৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ। মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ গেট খোলাত পলম হোৱাৰ বাবেই কৰ্তব্যৰত এগৰাকী গৃহৰক্ষী জোৱানক আৰক্ষী বিষয়‍া ৰেনুকুন্তলা শীতল কুমাৰে কৰা নিৰ্মম প্ৰহাৰৰ ঘটনাৰ তদন্তৰ বাদীত উত্তাল প্ৰতিবাদ।

জানিব পৰা মতে দেওবাৰে বোকাখাতত মহকুম‍া আৰক্ষী বিষয়‍া ৰেনুকুন্তলা শীতল কুমাৰে বোকাখাত মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ত কৰ্তব্যৰত এগৰাকী গৃহৰক্ষী জোৱান ৰাজু টাইডক এটা "পেপাৰ ৱেটে"ৰে নিৰ্মমভাবে বুকুত আঘাট কৰাৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে মহকুমা আৰক্ষী বিষয়াৰ কৰ্যালয়ৰ সন্মুখত জীপাল কৃষক শ্ৰমিক সংঘ, সদৌ অসম গৃহৰক্ষী সেচ্ছ‍সেৱক কল্যাণ সন্থা, সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ গোলাঘাট জিলা সমিতিয়ে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

উল্লেখযোগ্য যে স্থানীয় জনজাতীয় সম্প্ৰদায়ৰ গৃহৰক্ষী জোৱানজনক মহকুমা আৰক্ষী বিষয়াজনে কৰা এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰি জীপাল কৃষক শ্ৰমিক সংঘই Scheduled Caste and Scheduled Tribe (Prevention of Atrocities) Act, 1989 ৰ অধীনত সমগ্ৰ ঘটনাৰ তদন্ত কৰি শীঘ্ৰেই অভিযুক্ত মহকুমা আৰক্ষী বিষয়াগৰাকীক বৰ্খাস্তৰ দাবী জনায় ।