অসম

গোৱালপাৰা জিলাত ২০ জানুৱাৰীৰ পৰা প্ৰাপ্তবয়স্ক জাপানীজ এনকেফ্লাইটিছৰ টিকাকৰণ অভিযান

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে ভয়ংকৰ জাপানীজ এনকেফ্লাইটিছ ৰোগ ক্ৰমশঃ বৃদ্ধি পাই আহিছে। ২০১৯ বৰ্ষত ৰাজ্যখনত ৬৫৩ জন লোক এই ৰোগত আক্ৰান্ত হয়। এই আক্ৰান্তসকলৰ ভিতৰত ১৫৫ জনে কৰুণ মৃত্যুক আঁকোৱালী লৈছে।অকল নামনি অসমৰ গোৱালপাৰা জিলাতে মুঠ ৩৪ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩ জন পুৰুষ-মহিলা মৃত্যু মুখত পৰিছে। সেয়ে অসম চৰকাৰে 'প্ৰাপ্তবয়স্ক জে.ই. টিকাকৰণ অসম, ২০২০' শীৰ্ষক অভিযান গোৱালপাৰা জিলাত আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি লৈছে।

এই সন্দৰ্ভত শনিবাৰে দুপৰীয়া বাৰ বজাত গোৱালপাৰা জিলা উপায়ুক্তৰ সভাকক্ষত প্ৰশাসনে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত এখনি সংবাদ মেলৰ আয়োজন কৰে। জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক নীলমাধৱ দাসে আঁত ধৰা সংবাদ মেলত উপায়ুক্ত বৰ্ণালী ডেকাই জানিব দিয়া মতে, এই ৰোগৰ যিহেতু নিৰ্দিষ্ট কোনো চিকিৎসা নাই গতিকে সাৱধানতাই এই ৰোগৰ নিৰ্মূলৰ প্ৰধান উপায়।এই কথালৈ লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহায়ত গোৱালপাৰা জিলাত অহা ২০ জানুৱাৰীৰ এক বিনামূলীয়া টিকাকৰণ অভিযানৰ কাৰ্যসূচী হাতত লৈছে।

১৫ বছৰৰ পৰা ৬৫ বছৰৰ প্ৰাপ্তবয়স্ক সকলো লোককে সামৰি ল'বলগা এই কাৰ্যসূচীৰে জিলাখনৰ ৭,২৪,৪৪৬ জন লোক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ বাবে গোৱালপাৰা জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সংবাদ মেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে জানিব দিয়া মতে, স্বাস্থ্য বিভাগৰ ১৫৬টা দলে (৫ জনীয়া)৩ ৬২২ টা চেছনৰ জৰিয়তে অহা ২০ জানুৱাৰীৰ পৰা ২২ দিনত এই অভিযানত সমাপ্ত কৰিব।

উল্লেখ্য যে জাপানীজ এনকেফ্লাইটিছৰ এই টিকাকৰণ সম্পূৰ্ণ নিৰাপদ আৰু ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই বুলি প্ৰতিষেধক নিৰ্মাণ কৰা প্ৰতিষ্ঠানে ইতিমধ্যেই পুষ্টিকৰণ কৰিছে বুলি জিলা স্বাস্থ্য আৰু প্ৰশাসনে সাংবাদিকৰ আগত সদৰি কৰিছে। ইপিনে জাপানীজ এনকেফ্লাইটিছ ৰোগৰ এই টিকাকৰণ অভিযানৰ কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে ইতিমধ্যেই বহু প্ৰথা অৱলম্বন কৰিছে। বাটৰ নাট, পত্ৰিকা বিতৰণ, সজাগতা সভা, মাইকিং আদিৰ জৰিয়তে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা হৈছে। এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে। সংবাদ মেলত একাংশ সাংবাদিকে দিহা দিয়াত গোৱালপাৰা প্ৰেছ ক্লাৱত অহা ২১ জানুৱাৰীত সমগ্ৰ দিন জুৰি টিকাকৰণ চলোৱাৰ বাবে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সন্মতি প্ৰকাশ কৰে।