অসম

ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে মাৰাত্মক জাপানী এনকেফেলাইটিছ ৰোগে। এইপৰ্যন্ত জিলাখনত ৩ গৰাকী লোক এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি ল'বলগীয়া হৈছে। এই ৰোগত আক্ৰান্ত হৈ ২৮ মে'ত ওৰাং ধনশিৰিৰ সোণালী গুৰীয়া (৬), কিছুদিন পূৰ্ৱে কছুবিল অঞ্চলৰ প্ৰভু ভকত নামৰ ব্যক্তিগৰাকীৰ মৃত্যুৰ লগতে বুধবাৰে ৪ নম্বৰ আমজুলি গাঁৱৰ কৃষ্ণ বাহাদুৰ খডকা নামৰ যুৱকজনৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ ভিতৰুৱা সূত্ৰ‌ই সাংবাদিকক যোগান ধৰা তথ্য অনুসৰি বৰ্তমান পৰ্যন্ত এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক বৰ্তমান এই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চয়তা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে। এইসকল আক্ৰান্ত ৰোগীক বৰ্তমান ওদালগুৰিৰ লগতে ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে সাংবাদিকক জানিবলৈ দিয়ে।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা কৃষ্ণ বাহাদুৰ খডকা

ইয়াৰোপৰি সূত্ৰটোৱে যোগান ধৰা তথ্যসমূহত ওলাই পৰিছে ভয়ংকৰ খবৰ। কিয়নো প্ৰতিদিনে এই মাৰাত্মক ৰোগৰ লক্ষণ বুলি সন্দেহ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। সেই অনুসৰি বৰ্তমান জিলাখনত এই ৰোগত আক্ৰান্তৰ সন্দেহত বিভিন্ন স্থানীয় চিকিৎসালয় অথবা স্বাস্থ্য বিভাগৰ তত্বাৱধানত ৰোগীসকলৰ নিজ বাসগৃহতে চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৩২ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত কিছুসংখ্যকে ক্ৰমাৎ সুস্থ হৈ উঠা বুলিও স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সাংবাদিকক জানিবলৈ দিয়ে। বিগত বৰ্ষবোৰৰ তুলনাত এইবেলি জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ ৰাজ্যিক স্বাস্থ্য বিভাগে সময়ে সময়ে জিলাখনৰ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰাৰ লগতে জিলা স্বাস্থ্য বিভাগক তৎকালীনভাৱে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে।