অসম

কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছে প্ৰাণ কাঢ়িলে যুৱতীৰ, আক্ৰান্ত ৭জন

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিছে কেবাজনৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ চিকাৰ হ'ল কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ জনতা কলেজৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী তথা ঝাৰবাৰী গৌজানপুৰী নিবাসী সোমাইণা মুছাহাৰী(২০)। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰীয়ে সদৰি কৰা মতে সোমাইণা মুছাহাৰীক গুৰতৰ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছিল।

পিছত পৰিয়ালৰ লোকে গুৰতৰভাৱে আক্ৰান্ত সোমাইণা মুছাহাৰীক বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে আৰু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে সোমাইণা মৃত্যুমুখত পৰে।
কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰীয়ে সদৰি কৰা মতে সোমাইণা মুছাহাৰী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগতে মৃত্যুমুখত পৰিছে।

ইয়াৰোপৰি জিলাখনৰ পাটাকাটাৰ ৰাজেন্দ্ৰ ব্ৰহ্ম(৭২), ৰয়নাডাব্ৰীৰ মনা ৰায়(৫২), বাশবাৰীৰ জৌঙছাৰ মুছাহাৰী(২৭), কুমাৰপাৰাৰ ছহিদুল শ্বেখ (১৪)কে ধৰি আন দুগৰাকী লোক সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় অধীক্ষক ডঃ এ এছ শৰ্মাই সদৰি কৰা মতে, সৰ্বমুঠ ৭ গৰাকী ৰোগীৰ দেহত জাপানীজ এনকেফেলাইটিছ থকা বুলি জানিব পৰা গৈছে। ইয়াৰে এজনে মৃত্যুবৰণ কৰিছে।

ইতিমধ্যে স্বাস্থ্য বিভাগে জিলাখনত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিছে বুলি সদৰি কৰে অধীক্ষক ডঃ এ এছ শৰ্মাই।