অসম

৫ টাকৈ মিছাইলেৰে জাপান আক্ৰমণ চীনৰ…

asomiyapratidin

ডিজিটেল ডেস্ক:জাপানত চীনৰ মিছাইল আক্ৰমণ।বৃহস্পতিবাৰে জাপানৰ অৰ্থনৈতিক ক্ষেত্ৰত ৫ টাকৈ মিছাইলেৰে আক্ৰমণ কৰিছে চীনে।টাইৱানৰ চাৰিওফালে অনুশীলনৰ সময়ত চীনৰ সামৰিক বাহিনীয়ে উৎক্ষেপণ কৰা পাঁচটা বেলিষ্টিক মিছাইল বৃহস্পতিবাৰে জাপানৰ একচেটিয়া অৰ্থনৈতিক ক্ষেত্ৰৰ ভিতৰত অৱতৰণ কৰিছে বুলি উল্লেখ কৰিছে  প্ৰতিৰক্ষা মন্ত্ৰী নোবু ও কিছিয়ে।

উল্লেখযোগ্য যে,মঙলবাৰে চীনে ঘোষণা কৰিছিল যে,আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ নেন্সি পেলোৰ স্বশাসিত টাইৱান ভ্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে তেওঁলোকে বেলিষ্টিক মিছাইল উৎক্ষেপণকে ধৰি ইয়াৰ কিছুমান বৃহৎ পৰিমাণৰ সামৰিক অনুশীলন অনুষ্ঠিত কৰিব।