অসম

‘অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক’ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ 'সৰ্বানন্দৰ জনতা ভৱনত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্চ ভাৰত অভিযানক চুড়ান্ত ভেঙুচালি' শীৰ্ষক বাতৰি কিছু সময়ৰ পূৰ্বে 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ত প্ৰকাশ হোৱাৰ পিছতে হৈ চৈ লাগে জনতা ভৱনত বিভাগীয় মন্ত্ৰী-আমোলাৰ৷

উল্লেখ্য যে, 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ৰ পৰা কৰা চৰজমিন তদন্তত অসম সচিবালয়ৰ 'চি' ব্লকৰ প্ৰথম মহলাত থকা পৰিকল্পনা শাখা থকা পুৰুষৰ প্ৰস্ৰাৱগাৰটোৰ লগতে অন্যান্য বিভিন্ন প্ৰস্ৰাৱগাৰত দেখা গৈছিল এক পুতি গন্ধময় অতি লেতেৰা পৰিবেশ৷ এনে অতি অস্বাস্থ্যকৰ পৰিৱেশতে দৰ্শনাৰ্থীৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকলেও প্ৰস্ৰাৱ আৰু মলত্যাগ কৰিব লগা হৈছিল বিগত প্ৰায় এমাহ সময়৷

অসম চৰকাৰৰ প্ৰশাসনীক প্ৰানকেন্দ্ৰত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জনতা ভৱনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আচঁনি হিচাপে পৰিচিত 'স্বচ্চ ভাৰত' অভিযানক এনেদৰে চুড়ান্ত ভাৱে ভেঙুচালি কৰি থকাৰ বাতৰি 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ত প্ৰকাশ হোৱাৰ পিছতে সচিবালয়ৰ 'চি' ব্লকত থকা শিক্ষা বিভাগৰ আয়ুক্ত-সচিব প্ৰীতম শইকীয়াই দায়িত্বপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক তলব কৰে৷

'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ৰ বাতৰিত সাৰ পোৱা সৰ্বানন্দ সোনোৱালৰ বিয়াগোম বিষয়াসকলে কেতিয়া 'স্বচ্চ-ভাৰত'ৰ দৰে কোটি কোটি টকীয়া আচঁনিসমূহ প্ৰকৃতাৰ্থত আন্তৰিকতাৰে ৰূপায়ন কৰিব সেয়াহে গুৰুত্বপূৰ্ণ কথা৷

বৰ্তমান অসম সচিবালয়ৰ 'চি' ব্লকৰ প্ৰথম মহলাত থকা পৰিকল্পনা শাখা থকা পুৰুষৰ প্ৰস্ৰাৱগাৰটোৰ পৰিস্কাৰ কৰাত চাফাই কৰ্মীৰ লগতে বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়া নিজে লাগি যোৱা পৰিলক্ষিত হৈছে৷ 'চি' ব্লকৰ দৰে জনতা ভৱনৰ অন্যান্য প্ৰস্ৰাৱগাৰসমূহ কেতিয়া পৰিস্কাৰ পৰিচন্ন হয় সেয়া লক্ষনীয় হব৷ উক্ত ব্লকটোত থকা সৰ্বসাধাৰনৰ লোকসকলে 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে।