অসম

কিয় নোহোৱা হ’ল ‘জন গণ মন’ত উত্তৰ-পূবৰ অংশ?

asomiyapratidin

ডিজিটেল ডেস্কঃ 'জন গণ মন'। ৰবীন্দ্ৰ নাথে ১৯১১চনতে লিখিছিল এই গীতটি। কলকাতাত অনুষ্ঠিত কংগ্ৰেছ মহাসভাত গোৱা হৈছিল এই গীত। ১৯১২চনত আদিব্ৰহ্ম সমাজৰ এক অনুষ্ঠানত কবিগুৰুৰ এই গীতটি পুনৰ গোৱা হৈছিল। বহুতে কয় ব্ৰিটিছ বন্দনা আছে গীতটিত। সেইবোৰ বিতৰ্কৰ সময় এতিয়া নহয়।

স্বাধীনতা দিৱসত আকৌ চৌদিশে বাজিব এই গীতটি। গীতটি প্ৰথম এজাক স্কুলীয়া সৰু ল'ৰা-ছোৱালীৰ সৈতে গাইছিল ৰবীন্দ্ৰ নাথৰ ভতিজী ছোৱালী সৰলা দেৱী চৌধুৰীয়ে। আজি আমি যিটো গীত ৰাষ্ট্ৰীয় সংগীতৰূপে গাও, এই গীতটি ৰবীন্দ্ৰ নাথ ঠাকুৰে লিখা মূল গীতটিৰ একাংশহে।

ৰবীন্দ্ৰ নাথে লিখা মূল গীতটিত আছিল ৫টা ষ্ট্ৰেঞ্জাৰ। য'ত সমগ্ৰ দেশৰ জাতি-ধৰ্ম, বৰ্ণ-নিৰ্বিশেষৰ লগতে উত্তৰ-পূবৰ কথাও আছিল। সেই গীতটি যথেষ্ট দীঘলীয়া বাবে পিছৰ বেছি অংশই ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি নাপালে। প্ৰথম কিছু অংশহে ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি দিয়াত বাদ পৰি ৰ'ল বহু কথা।

২০১১চনত ৰবীন্দ্ৰ নাথে লিখা ৰাষ্ট্ৰীয় সংগীতে শতবৰ্ষ গৰকিলে। তেতিয়াহে পোহৰলৈ আহিছিল এই কথা। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুনৰ চৰ্চা হৈছে এই প্ৰসংগৰ। প্ৰায় অভিযোগ উঠে- ৰাষ্ট্ৰীয় সংগীতত নাই অসম তথা উত্তৰ-পূবৰ কথা। মূল গীতটি শুনিলে গম পোৱা যায়, কবি গুৰুৱে ঠিকেই লিখিছিল অসম তথা উত্তৰ-পূবৰ কথাও।

নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিবলগীয়া হোৱা বাবে সেইবোৰ সম্পাদনা কৰা হ'ল। মূল গীতটিৰ সলনি একাংশহে ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি দিলে। সেয়ে হয়তো বাদ পৰি ৰ'ল অসম তথা উত্তৰ-পূবৰ কথা।

বাংলাৰ মূল গীতটি হিন্দীলৈ অনুবাদ কৰা হৈছিল 'ভাৰত ভাগ্য বিধাতা' নামেৰে। তাৰে প্ৰথম ষ্ট্ৰেঞ্জাৰখিনিহে ১৯৫০চনৰ ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি দিছিল। এই সংগীত গাবলৈ সময় লাগে প্ৰায় ৫২ ছেকেণ্ড।

দীৰ্ঘসময় ধৰি ৰাষ্ট্ৰীয় সংগীত অসম তথা উত্তৰ-পূবৰ নাম সন্নিবিষ্ট কৰাৰ দাবী উত্থাপন হৈ আহিছে। কিন্তু বিষয়টোক লৈ এতিয়ালৈকে কোনেও সৰৱ হোৱা দেখা পোৱা নাই। কেতিয়াবা দুই-এক জনপ্ৰতিনিধিয়ে মাত মাতিলেও, সময়ত হৈ ৰয় নিৰৱ।

কলকাতাৰ বাহিৰত এই গীতটি প্ৰথম ১৯১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত গোৱা হৈছিল। সেইবাৰ কবিগুৰু গৈছিল অন্ধ্ৰপ্ৰদেশৰ এখন মহাবিদ্যালয়লৈ। তাত কবিগুৰুক আদৰিবলৈ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰিছিল এই গীতটি।

ছ'চিয়েল মিডিয়াত পুনৰ উত্থাপন হৈছে এই বিষয়। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হোৱাটছএপত ভাইৰেল হৈছে কবিগুৰুৰ সেই দীঘলীয়া 'জন গণ মন' মূল গীতটি। লগতে বহুতে প্ৰশ্ন কৰিছে- আমি এখন দেশৰ বাসিন্দা হৈয়ো কিয় আমাৰ প্ৰতি এই অৱহেলা? কেতিয়াবা সন্নিবিষ্ট হ'বনে ৰাষ্ট্ৰীয় সংগীত অসম তথা উত্তৰ-পূবৰ নাম? সেই উত্তৰ বা দিব কোনে?