অসম

জাজৰি আৰক্ষীৰ অভিযানত বনৰীয়া চৰাই উদ্ধাৰ, আটক ২ চোৰাং চিকাৰীক…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষীৰ অভিযানত ১০টা বনৰীয়া চৰাইসহ দুই চোৰাং চিকাৰী আটক কৰা হয়। জাজৰি সমীপৰ মাজগাঁৱৰ পৰা আটক কৰে এই দুই চোৰাং চিকাৰীক। বুধবাৰে জাজৰি আৰক্ষীৰ নিয়মীয়া তালাচী চলাই থকাৰ সময়তে দুই চোৰাং চিকাৰীয়ে এখন দুচকীয়া বাহনত চৰাই কেইটা আনিছিল বুলি জনাইছে জাজৰি আৰক্ষীয়ে।

জানিব পৰা মতে, মাধুর্য দাস আৰু চিৰাজুল হক নামৰ এই দুৰ্ধৰ্ষ দুই চোৰাং চিকাৰীয়ে দীৰ্ঘদিন ধৰি নগাওঁ জিলাৰ পশ্চিমাঞ্চলত চলাই আহিছিল বনৰীয়া পক্ষীৰ ৰমৰমীয়া ব্যৱসায়। ৮টা শৰালি হাঁহ আৰু দুটা কামচৰাই ৰহাৰ পৰা বটদ্ৰৱাৰ ধনীয়াভেটিলৈ আনি থকাৰ অৱস্থাতেই আটক কৰে জাজৰি আৰক্ষীয়ে।