অসম

জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে…

asomiyapratidin


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ আৰক্ষী কনিষ্টবল ক্ৰমে পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানৰ নিৰ্মম প্ৰহাৰত অৱশেষত মৃত্যুক সাবটি ললে গাওঁৰক্ষী বাহিনীৰ সম্পাদক ফনীধৰ বৰাই। বৃহস্পতিবাৰে সন্ধিয়া GMCHত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, যোৱা ২ জুনৰ নিশা জাজৰি আৰক্ষী থানাৰ দুজন কনিষ্টবল ক্ৰমে পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানে ফনীধৰ বৰাক সামান্য কথাতে ৰাস্তাৰ পৰা চোঁচৰাই চোঁচৰাই আনি অতি নিদাৰুণ ভাৱে থানাৰ ভিতৰতে অমানুসিক নিৰ্যাতন চলাইছিল।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ফনীধৰ বৰাক সংকটজনক অৱস্থাত নগাঁৱৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল। গাওঁৰক্ষী বাহিনীৰ সম্পাদক ফনীধৰ বৰাৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই জাজৰি গাঁৱৰ হাজাৰ হাজাৰ পুৰুষ মহিলা ওলাই আহি জাজৰি থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনা স্থলীত নগাঁও জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈছে। বৰ্তমান উত্তপ্ত পৰিস্থিতি বিৰাজমান কৰিছে জাজৰি।