অসম

জাজৰিৰ ৰাজাগাঁৱত নিশা সংঘটিত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা কাছমাৰী-শিমলুতল সংযোগী গড়কাপ্তানী পথৰ ৰাজাগাঁৱত সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী মতে, নিশা প্ৰায় ৯ বজাত চকলাঘাটৰ পৰা জাজৰি অভিমুখে গৈ থকা এ এছ ০২ জি ৯১৬২ নম্বৰৰ মটৰচাইকেল খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।

ঘটনাটোত মটৰ চাইকেল আৰোহী জাজৰি বৰমনিপুৰ নিৱাসী আলটাৱ হুছেইন(জানটি) (৪১) গুৰুতৰভাৱে আহত হয়। লগে লগে স্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত আহত লোক জনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।