অসম

জাগীৰোডত কোৰোনাৰ বাবেই বাটিল হ’ল মুখ্যমন্ত্ৰীৰ অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাওঁঃ কোভিড পজিটিভৰ বাবে বাটিল হ'ল মুখ্যমন্ত্ৰীৰ অনুষ্ঠান।। বুধবাৰে জাগীৰোডত আছিল মূখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ অনুষ্ঠান ।মৈত্ৰী আঁচনিৰ অধিনত নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ। জাগীৰোডৰ দুগৰাকীকৈ আৰক্ষী বিষয়াৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বাবেই বাতিল এই অনুষ্ঠান ৷ পৰৱৰ্তী সময়ত পুণৰ নিৰ্ধাৰণ কৰা হব আৰক্ষী থানা উদ্বোধনী অনুষ্ঠানৰ দিন ৷