অসম

নগাঁও-কাছাৰ কাগজকল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীৰে উত্তাল জাগীৰোড

asomiyapratidin

ডিজিটেল সংবাদ, জাগীৰোডঃ নগাঁও অাৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবীত বুধবাৰে জাগীৰোডত ৰাষ্টীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে।

নগাঁও কাগজ কল নিগম কৰ্মী ইউনিয়নৰ অাহ্বানত বহু দল-সংগঠনৰ সহযোগত ক্ষুব্ধ কৰ্মচাৰীসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত বহু সময় ধৰি পথটোৰে বন্ধ হৈ পৰে যান-বাহনৰ চলাচল।

পিছত ঘটনাস্থলীত অাৰক্ষী উপস্থিত হৈ দুই শতাধিক প্ৰতিবাদীক গ্ৰেপ্তাৰ কৰি যাতায়তৰ বাবে পথটো মুকলি কৰি দিয়ে। উল্লেখ্য যে দুয়োটা উদ্যোগৰে উৎপাদন যোৱা দুবছৰ ধৰি বন্ধ হৈ থকাৰ লগতে কৰ্মচাৰীসকলেও ১৯ মাহ ধৰি দৰমহাকে আদি কৰি কোনো প্ৰাপ্য লাভ কৰা নাই।