অসম

মৰ্গৰ ভিতৰত জী উঠিছিল মৃত ছাত্ৰ, সঁচা নে মিছা?

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰকৃততে মৃত্যু ঘটিছে নে নাই ঘটা বীৰঝৰা মহাবিদ্যালয়ৰ ছাত্ৰ জোন বৰ্মনৰ? এই প্ৰশ্নই এতিয়া সমগ্ৰ বঙাইগাঁও জিলাত ৰহস্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, বঙাইগাঁও জিলাৰ মাজগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছিল গোঁসাইগাঁৱৰ জোন বৰ্মন নামৰ ছাত্ৰজন৷ দুৰ্ঘটনাৰ পিছত স্থানীয় লোক আৰু পৰিয়ালবৰ্গই ছাত্ৰজনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷

চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰি মৰ্গত ৰখাৰ ব্যৱস্থা কৰে৷ কিন্তু মৰ্গৰ ভিতৰত ছাত্ৰজনে লৰচৰ কৰা বুলি দাবী কৰি পৰিয়াল আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি জোন বৰ্মনৰ শৰীৰ মৰ্গৰ পৰা বলপূৰ্বকভাৱে উলিয়াই চিকিৎসাৰ বাবে পুনৰ ল'ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰে৷ কিন্তু তাতো ছাত্ৰজনক পৰীক্ষা কৰাৰ পিছতে মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷

আনহাতে দুবাৰকৈ চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰাৰ পিছতো ছাত্ৰজনৰ মৃত্যু ঘটা বুলি কোনোপধ্যেই মানি ল'বলৈ অস্বীকাৰ কৰে পৰিয়াল আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত নিশাৰ ভিতৰতে পুনৰ ছাত্ৰজনৰ শৰীৰ ব্যক্তিগত চিকিৎসালয়খনৰ পৰা বৰপেটাৰ হাস্পতাললৈ লৈ যোৱা হয়৷ কিন্তু তৃতীয়বাৰৰ বাবে তাতো চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে৷ ইফালে বৰ্তমান ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷