অসম

দেশৰ ভিতৰতে তৃতীয় হ’ল অসম আৰক্ষী…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ ভিতৰত স্মাৰ্ট পুলিচিঙৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষ স্থান লাভ কৰিছে অসম আৰক্ষীয়ে। ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্যনে দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষীক লৈ এক সমীক্ষা চলাইছে। এই সমীক্ষাত ১০ নম্বৰৰ ভিতৰত ৭.৮৯ পইণ্টেৰে অসম আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছে।

ইয়াৰ বিপৰীতে কেৰালা, গুজৰাট, দিল্লী, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ আদি আগশাৰীৰ ৰাজ্যসমূহ স্মাৰ্ট পুলিচিঙৰ ক্ষেত্ৰত অসমতকৈ পিছত আছে। কেৰেলাই লাভ কৰা পইণ্ট হ'ল ৭.৫৩, গুজৰাটৰ ৭.০৪, দিল্লীৰ ৬.৮৫, তামিলনাডুৰ ৬.৭৩, কৰ্ণাটকৰ ৬.৬৯ আৰু মহাৰাষ্ট্ৰৰ ৬.২৫ পইণ্ট।

এই সমীক্ষাত শীৰ্ষস্থান লাভ কৰা ৰাজ্যখন হ'ল অন্ধ্ৰপ্ৰদেশ। মুঠ ১০ পইণ্টৰ ভিতৰত অন্ধপ্ৰদেশ আৰক্ষীয়ে ৮.১১ আৰু তেলেংগানাই ৮.১০ পইণ্টেৰে দ্বিতীয় স্থানত আছে। স্মাৰ্ট পুলিচিঙৰ এই সমীক্ষাৰ শিতানসমূহ আছিল আৰক্ষীৰ সংবেদনশীলতা, কঠোৰতা, ভাল আচৰণ, ক্ষীপ্ৰতা, সমস্যাৰ সমাধান, সহায়-সহযোগিতাৰ মনোভাৱ, নিৰপেক্ষতা, দায়বদ্ধতা আদি।

এই সমীক্ষা ইণ্ডিয়ান পুলিচ ফেডাৰেচনে অনলাইন জৰিয়তে মূল্যায়ন কৰিছিল আৰু আই আই টি কাণপুৰ, টাটা ইনষ্টিটিউত অফ মুম্বাইৰ দৰে প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলক সমীক্ষাৰ সৈতে জড়িত কৰা হৈছে। অসম আৰক্ষীৰ এই স্বীকৃতিৰ পাছত আৰক্ষী বিভাগৰ প্ৰতিজন বিষয়া, কনিষ্ঠবল তথা কৰ্মচাৰীক অভিনন্দন জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।