অসম

বৃদ্ধাশ্ৰম ‘প্ৰশান্তি ধাম’ত লায়নচ ক্লাবৰ প্ৰতিষ্ঠাপক মেলভিন জনচৰ জন্মদিন উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ নাৰায়ণপুৰ : নাৰায়ণপুৰত লায়নচ ক্লাবৰ প্ৰতিষ্ঠাপক মেলভিন জনচৰ ১৪৭ সংখ্যক জন্মজয়ন্তী উদযাপন । লায়নচ ক্লাবৰ অন্যতম শাখা বান্দৰদেৱা লায়নচ ক্লাবে প্ৰতিস্থাপক গৰাকীৰ জন্মদিন উপলক্ষে নাৰায়ণপুৰৰ বৰপথাৰস্থিত বৃদ্ধাশ্ৰম 'প্ৰশান্তী ধাম'ৰ আবাসী বৃদ্ধা সকলৰ মাজত শীত নিবাৰক বস্ত্ৰ বিতৰণ কৰাৰ লগতে এসাঁজ আহাৰৰ ব্যৱস্থা কৰে ।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে মেলভিন জনচৰ জন্মদিন উদযাপনৰ কাৰ্যসূচীৰ উদ্বোধন কৰে অসম বাৰ্তাজীৱি সংঘৰ নৱনিৰ্বাচিত সভাপতি টুটুমনি ফুকনে । বান্দৰদেৱা লায়নচ ক্লাবৰ সঞ্চালক ড০ তৰুণ কলিতাই আঁত ধৰা অনুষ্ঠানটিত এবষ্ট্ৰেকৰ বিজ্ঞানী ড০ চন্দ্ৰ বৰুৱা, ডিক্ৰং ভেলী এনভাইৰন্টমেন্ট এণ্ড ৰুৰেল ডেভলপমেন্ট ছ'চাইটিৰ সম্পাদক তথা বৃদ্ধাশ্ৰম প্ৰশান্তি ধামৰ মূৰব্বী দ্বীপেন কুমাৰ বৰুৱা,আঞ্চলিক পঞ্চায়তৰ সদস্যা জোনমনি ভূঞা,বান্দৰদেৱা লায়নচ ক্লাবৰ সঞ্চালক ডাঃ দিব্যজ্যোতি পাঠক,ডাঃ মণিকা সিং পাঠক,সভাপতি ওমপ্ৰকাশ পাচৰ ,সম্পাদক হীৰালাল আগৰৱালা,সাংবাদিক দিপান্ত কাকতি,প্ৰদীপ বৰা,বিতোপন ফুকন প্ৰমুখ্যে বহু গণমান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত কেইবাগৰাকীও বৃদ্ধাই গীত আৰু বক্তব্য প্ৰদান কৰে ।