সমবায় সমিতিসমূহলৈ ভাল খবৰঃ আৰ্থিক সাহায্যৰ বাবে আৱেদন আহ্বান...
সমবায় সমিতিসমূহলৈ ভাল খবৰঃ আৰ্থিক সাহায্যৰ বাবে আৱেদন আহ্বান...  
অসম

সমবায় সমিতিসমূহলৈ ভাল খবৰঃ আৰ্থিক সাহায্যৰ বাবে আৱেদন আহ্বান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সমবায় সমিতিসমূহলৈ ভাল খবৰ। ৰাজ্য চৰকাৰৰ সমবায় বিভাগে ২০২৩-২৪ বৰ্ষৰ আৰ্থিক সাহায্য প্ৰদানৰ বাবে আহ্বান কৰিছে আবেদন পত্ৰ। নিৰ্ধাৰিত চৰ্ত সমূহ পূৰণ কৰিব পৰা সমবায় সমিতিসমূহে www.farcs.assam.gov.in ৱেবচাইটৰ জৰিয়তে অনলাইন আবেদন পত্ৰ পুৰণ কৰিব পাৰিব।

বিভাগে সমবায় সমিতিসমূহক এই আৰ্থিক সাহায্যৰ বাবে আৱেদন কৰিবলৈ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰিছে ২৪ ডিচেম্বৰ, ২০২৩। এই আৱেদনৰ বাবে যোগ্য সমবায় সমিতিসমূহে গাওঁ পঞ্চায়ত, মহিলাস দুগ্ধ, মাছৰ খাদ্য, সৰিয়হৰ তেল উৎপাদন কৰা মিল, অসম সমবায় 'পিচ ফেষ্ট' আদি নিৰ্বাচিত শ্ৰেণীসমূহত আৱেদন কৰিব পাৰিব।

আৱেদন কৰিবৰ বাবে সমবায় সমিতিসমূহ অসম সমবায় আইন, ২০০৭-ৰ অধীনত পঞ্জীয়নভুক্ত হোৱাৰ লগতে ২০২০ৰ পৰা ২০২৩ বিত্তীয় বর্ষলৈ বিভাগীয় হিচাপ পৰীক্ষণ হোৱাটো বাঞ্চনীয়। তদুপৰি যোৱা তিনিবছৰ ধৰি নিয়মিতভাৱে বার্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিসমূহকহে এই আৰ্থিক সাহায্যৰ বাবে যোগ্য বিবেচনা কৰা হ'ব।

ৰাজ্যিক পৰ্যায়ৰ যোগ্য সমবায় সমিতিৰ লগতে আঁচনিসমূহ সাধাৰণ সমবায় সমিতিৰ বাবেহে প্রযোজ্য হ'ব। এই বিষয়ত সবিশেষ জানিবৰ বাবে জিলা উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।