অসম

খাগৰিজান মহাবিদ্যালয়ত নাৰী দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ,খাগৰিজান : আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সোমবাৰে খাগৰিজান মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগ ত উদযাপন কৰা হয় নাৰী দিৱস।নাৰী দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভা খনত উদ্বোধনী ভাষণ ৰাখে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে।

মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা অজন্তা খাৰঘৰীয়া আৰু অৰ্থনীতি বিভাগৰ অধ্যাপিকা উম্মে চালমাৰ সহযোগত মহাবিদ্যালয় ৰ ছাত্ৰী সকলৰ বাবে স্বাস্থ্য সজাগতা শিবিৰ এটাৰো আয়োজন কৰা হয়।

নগাঁও জিলা স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়া মৌচুমী বৰাই স্বাস্থ্য সজাগতা সন্দৰ্ভত যথেষ্ট পৰামৰ্শ আগবঢ়াই।শিক্ষা বিভাগৰ ফালৰ পৰা " উত্তৰণ" নামৰ এখন প্ৰাচীৰ পত্ৰিকা ও উন্মোচন কৰা হয়।উন্মোচন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ দিলীপ শৰ্মা ই।প্ৰাচীৰ পত্ৰিকা খনিত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশ সচেতনতাৰ ওপৰত বহু কেইটা ভাল ভাল লেখা আৰু ছবি প্ৰকাশ কৰে বুলি জানিবলৈ দিয়ে অধ্যাপিকা অজন্তা খাৰঘৰীয়াই।