অসম

বেংতলত এবছুৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং : নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিৰাং জিলা এবছু ৰ সহযোগত চিৰাঙৰ বেংতলৰ জাংখ্ৰীখাং ফৌথাৰত দিনজোৰা কাৰ্য্যসূচীৰে "আন্তৰ্জাতিক নাৰী দিৱস" উদযাপন কৰে । ৰাতিপুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োয়ে ।

সোমবাৰৰ এই আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি পৃথক বড়োলেণ্ডৰ জাতীয় আন্দোলনৰ মহিলা শ্বহীদ গায়দে বসুমাতাৰী আৰু শ্বহীদ হেলেনা বসুমাতাৰীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে এবছুৰ মহিলা নেত্ৰী সকলে । শ্বহীদ বেদীত তৰ্পণ কৰে এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমাতাৰী সহ এবছুৰ কেন্দ্ৰীয় নেতৃবৰ্গই ।


এই আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰি সংবাদ মাধ্যমৰ আগত কয় যে নাৰীৰ সৰ্বাঙ্গীন উন্নয়ন কৰিবলৈ হলে নাৰী শিক্ষা, আৰ্থিক দিশত সাৱলম্বী, সামাজিক অধিকাৰ ওপৰত কাম কৰিবলৈ এবছুয়ে আগন্তুক দিনত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।