অসম

আন্তৰ্জাতিক মাতৃ ভাষা দিৱসত বিহপুৰীয়াত গ্ৰন্থ উন্মোচন…

asomiyapratidin

ডিজিটেল সংবাদ,বিহপুৰীয়া: আন্তৰ্জাতিক মাতৃ ভাষা দিৱসৰ দিনাই বিহপুৰীয়া শাখা সাহিত্য সভাই দুখনকৈ গ্ৰন্থ উন্মোচন কৰে৷ এই উদ্দেশ্যে বিহপুৰীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয় ধৰ্মেশ্বৰ কটকী স্মৃতি ভৱনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে শাখাৰ সভাপতি যাদৱ শৰ্মাই৷

শাখাৰ সম্পাদক প্ৰবিন হাজৰিকাই আতঁ তথা উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি , সহকাৰী সম্পাদক ক্ৰমে বিপুল শৰ্মা বৰুৱা,প্ৰশান্ত মোদক, বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমুল্য হাজৰিকা,লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰমে অধ্যক্ষ সত্যজিৎ বৰা, অবসৰপ্ৰাপ্ত অধ্যক্ষ হৰেন্দ্ৰ নাথ দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল কাকতি প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি আন্তৰ্জাতিক মাতৃভাষা দিৱস সম্পৰ্কত বক্তব্য আগবঢ়াই ৷

সভাত সু-অভিনেতা তথা বিহপুৰীয়া পৌৰ সভাৰ জ্যেষ্ঠ গাননীক প্ৰভাত শৰ্মাৰ পত্নী , সু লেখিকা
অনিতা শৰ্মাৰ কবিতা পুথি "আশাৰ ৰেঙণি" আৰু অসমীয়া শ্বায়েৰী পুথি "স্বপ্নিল" উন্মোচন কৰে ক্ৰমে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱা আৰু সহকাৰী সম্পাদক প্ৰশান্ত মোদকে৷