অসম

সফল সামৰণি ‘আণ্ডাৰ দ্য শাল ট্ৰী’ আন্ত:ৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০১৮

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ প্ৰয়াত বিশিষ্ঠ আৰু ব্যতিক্ৰমী নাট্য শিল্পী শুক্ৰাচাৰ্য্য ৰাভাৰ অবৰ্তমানত প্ৰথমবাৰৰ বাবে আগিয়া-ৰামপুৰৰ বাদুংদ্যুপ্পা কলাকেন্দ্ৰই আয়োজন কৰা নৱম বাৰ্ষিক 'আণ্ডাৰ দ্য শাল ট্ৰী' শীৰ্ষক ব্যতিক্ৰমী আন্ত:ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সোমবাৰে সফল সামৰণি পৰিছে। উল্লেখ্য যে যোৱা ১৫ ডিচেম্বৰত এই তিনিদিনীয়া নাট মহোৎসৱৰ শুভ উদ্বোধন কৰিছিল দিল্লী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ) ৰ অধ্যাপক এইচ এছ শিৱ প্ৰকাশে।

বাদুংদ্যুপ্পাৰ ৰূপকাৰ তথা স্ৰষ্ঠা প্ৰয়াত শিল্পী শুক্ৰাচাৰ্য ৰাভাৰ প্ৰতিচ্ছবিত বন্তি আৰু মাল্যৰ্পন কৰি জে এন ইউৰ অধ্যাপকজনে সমাৰোহৰ শুভাৰম্ভ কৰি দিয়া ভাষণ প্ৰসংগত 'বাদুংদ্যুপ্পা জীয়াই থকা লৈকে শুক্ৰাচাৰ্য জীয়াই থাকিব' বুলি তাৎপৰ্যমূলক মন্তব্য ৰাখে।প্ৰয়াত বিশিষ্ঠ শিল্পীগৰাকীক ধৰ্ম, নৈতিকতা আৰু সমাজ পৰিবৰ্তনৰ আহিলা আছিল বুলিও কয় অধ্যাপকগৰাকীয়ে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত ক্যাশ্যপে নীলোৎপল বৰুৱাৰৰ 'শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা' আৰু অভিক ভট্তাচাৰ্যই সম্পাদনা কৰা 'আণ্ডাৰ দা শাল ট্ৰী'নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে।

বাদুংদ্যুপ্পাৰ শালনীবাৰীৰ প্ৰাকৃতিক আৰু মনোমোহা পৰিৱেশৰ মাজত বাঁহৰ চাঙৰ গেলাৰীৰ আসনেৰে সঁজা ব্যতিক্ৰমী নাট্য মঞ্চ 'মেকবেথ জংঘল'ত শুক্ৰাচাৰ্য ৰাভাৰ অবৰ্তমানতো তিনিওদিনে ঠাঁহ খাই পৰে বিশিষ্ঠ নাট্য শিল্পী,সাংবাদিক,সমালোচক আৰু দূৰদুৰণিৰ পৰা বহুত নাট্যপ্ৰেমী দৰ্শক মণ্ডলী। সমাৰোহ উদ্বোধনীৰ পিছত পুৱা ৯ বজাত প্ৰথম দিনৰ প্ৰথমখন মঞ্চস্থ কৰা নাট হ'ল 'চনছ অৱ আৰ্থ মাদাৰ'। উল্লেখ্য যে শুক্ৰাচাৰ্য ৰাভাই শেষবাৰৰ বাবে ৰচনা আৰু পৰিচালনা কৰা ৰাভা ভাষাৰ নাটক 'ছনছ অব আৰ্থ মাদাৰ' উপভোগ কৰি অভিভূত হৈ পৰে নাট্য প্ৰেমী ৰাইজ।

প্ৰথম দিনৰ সমাৰোহত আৰু দুখন নাট প্ৰদৰ্শিত হয়। বিয়লি আৰু সন্ধিয়া সঞ্চস্থ হোৱা নাট দুখন হ'ল ক্ৰমেঃ ভুবনেশ্বৰ নাট্য চেতনা দলৰ উড়িয়া নাট 'নুৱা' আৰু পুনেৰ এ বাইকা এণ্ড কোম্পানীৰ হিন্দী বলয়ৰ নাট 'মানচা। কাৰ্যসূচীৰ দ্বিতীয় দিনা ইম্ফল,গুৱাহাটী আৰু বাংলাদেশৰ নাট প্ৰদৰ্শিত হয়। নাটকেইখন হ'লঃ ইম্ফলৰ আশোকা নাট্য দলৰ থলুৱা 'মেইতেই' ভাষাৰ 'ব্লেক এণ্ড হোৱাইট', গুৱাহাটীৰ জিৰছং থিয়েতাৰৰ অসমীয়া ব্যতিক্ৰমী নাট 'বাঘ' আৰু বাংলাদেশৰ পদাতিক নাট্য সংসদৰ কঠিন সংলাপেৰে ভৰা ঘণ্টাযোৰা একক অভিনয়ৰ নাট 'গ্ৰহণ যাত্ৰা'।

সোমবাৰৰ সামৰণিৰ দিনটোত দুখন নাট প্ৰদৰ্শিত কৰা হয়।পুৱা ১০ বজাত ইম্ফল- মণিপুৰ কলাক্ষেত্ৰৰ হেইচনাম কানহাইয়ালালৰ ৰচনা আৰু পৰিচালনা কৰা নাট 'পেটবেট'। আৰু বিয়লি ৩ বজাত লক্ষনৌৰ নিপা ৰংগমণ্ডলীৰ সূৰ্য্য মোহন কুলশ্ৰীশ্ৰেষ্ঠৰ পৰিচালিত হিন্দী নাট 'ভাগভাদাজ্জুকিয়াম' প্ৰদৰ্শিত হয়। ইয়াৰ পিছতে বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা,প্ৰয়াত ৰাভাৰ পত্নী চিনা ৰাভা আৰু বাদুংদ্যুপ্পাৰ শুভাকাংশীসকলৰ সহযোগত শুক্ৰাচাৰ্য ৰাভাৰ অবৰ্তমানত অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি আয়োজন কৰা নৱম বাৰ্ষিকী আন্ত:ৰাষ্ট্ৰীয় নাট সমাৰোহ "আণ্ডাৰ দা শাল ট্ৰী'ৰ আনুষ্ঠানিক সামৰণি মাৰে। লগতে নাট্য প্ৰেমী দৰ্শক মণ্ডলীৰ অভূতপূৰ্ব আৰু ব্যাপক সহাঁৰিৰ বাবে বাদুংদ্যুপ্পা কলাকেন্দ্ৰই শলাগ লয় সামৰণি অনুষ্ঠানত।