অসম

আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ দুই গুৰু শিষ্যই

Asomiya Pratidin

ডিজিটেল সংবাদ , বেবেজীয়া: শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ বেনাৰসৰ আশীঘাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কৃষ্ণপ্ৰিয়া মহোৎসৱ ৰাস বেনাৰসত উজলিল নগাঁৱৰ দুই গুৰু শিষ্য। ৰাস বেনাৰসত অসমক প্ৰতিনিধিত্ব কৰি নগাঁও জিলাৰ বেবেজীয়া সমীপৰ দক্ষিণ পাটৰ নৃত্যৰ সাধক তথা শিক্ষক পাৰ্থ প্ৰতিম দাসে ভূৰতাল নৃত্য আৰু এটি কথক নৃত্য পৰিৱেশন কৰি আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ভৰত সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ শেলুষ সন্মান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইপিনে শিক্ষকগৰাকীৰ ছাত্ৰী নগাঁৱৰ কৰৈয়নী মাজৰাটি গাঁৱৰ বেদাংগনা কাশ্যপে বিহু আৰু সত্ৰীয় নৃত্য পৰিবেশন কৰি আন্তঃৰাষ্ট্ৰীয় কৃষ্ণকলি সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় সৰ্বোত্তম কলায়ন সন্মান লাভ কৰি সমগ্ৰ অসমৰ লগতে নগাঁৱলৈ কঢ়িয়াই আনিছে আন এক গৌৰৱ ।

উল্লেখ্য যে উক্ত অনুষ্ঠানতে অসমক প্ৰতিনিধিত্ব কৰা দুই গুৰু শিষ্যই উদ্যোক্তা‌ সকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়।স্মৰণীয় যে ইয়াৰ পূৰ্বেও নগাঁৱৰ এই দুই গুৰু শিষ্যই আন্তঃৰাষ্ট্ৰীয় বঙাইগাঁও মহোৎসৱ, মেজিক বুক অফ ৰেকৰ্ডছত লগতে অন্যান্য বহু বটাৰে নগাঁৱলৈ সুনাম কঢি়য়াই আনিবলৈ সক্ষম হৈছিল। সম্প্ৰতি নগঞা দুই গুৰু শিষ্যকলৈ গৌৰৱান্বিত নগাঁওৱসী ৰাইজ।

আৰু পঢ়ক: ফিফা ট্ৰফী উন্মোচন দিপীকা পাডুকনৰ, প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৰিলে গৌৰৱান্বিত...