অসম

সোণালী জয়ন্তী উপলক্ষে ওদালগুৰিত আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰিৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ ইতিমধ্যে জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। এই সোণালী জয়ন্তী বৰ্ষ অহা ২০২৩ চনৰ জানুৱাৰী মাহত সমাপ্তি ঘটিব।

উক্ত সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আজি বিদ্যালয় চৌহদত এক আন্তঃ বিদ্যালয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উক্ত চিত্ৰাংকন প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ প্ৰখ্যাত চিত্ৰ ভাস্কৰ্য্য শিল্পী ৰবিৰাম ব্ৰহ্মই।

তেখেতে প্ৰতিযোগিতাখনি উদ্বোধন কৰি প্ৰদান কৰা ভাষণত ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে শিল্পকলাৰ জগতখনত খোজ পেলাব পাৰে বা চিত্ৰশিল্পক কেনেদৰে নিজৰ জীৱিকা হিচাপে ৰূপ প্ৰদান কৰিব পাৰে সেই সম্পৰ্কে মত প্ৰকাশ কৰে। আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত ওদালগুৰি চহৰৰ কেইৱাখনো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ পৰা শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

আজিৰ এই কাৰ্যসূচীত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি খগেন চৌধুৰী, সাধাৰণ সম্পাদক তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ দাসকে প্ৰমূখ্য কৰি আন বিষয় ববিয়াৰ লগতে বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে।

উল্লেখ্য যে আগন্তুক ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনৰ তৰফৰ পৰা ওদালগুৰি চহৰত এক বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে জানিবলৈ দিছে।