অসম

জন্মাষ্টমীত দেৱশিশু উদ্ধাৰ কৰিলে বাংলাবাৰীৰ গোৱৰ্ধনে

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ জন্মাষ্টমীৰ সময়তে কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ ডালোৱাবাৰী চাহ বাগিছাৰ বাংলাবাৰীত নৱজাতক উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে কাহিলিপুৱাতে বাংলাবাৰীৰ পথৰ কালভাৰ্ট এটাৰ কাষত বেগৰ ভিতৰত উদ্ধাৰ হয় নৱজাতকটো।

প্ৰাপ্ত বাতৰি অনুসৰি ডালোৱাবাৰী চাহ বাগিছাৰ বাংলাবাৰীৰ বাসিন্দা গোৱৰ্ধন সিঙে কাহিলীপুৱাতে নিত্য নৈম্যত্তিক কৰ্মৰ বাবে বাহিৰলৈ যায়। নিত্য নৈম্যতিক কৰ্মৰ বাবে যাওঁতেই পথটোত থকা কালভাৰ্ট এটাৰ কাষত বেগত কাপোৰ আৰু কেচুৱাৰ কান্দোন শুনি গোৱৰ্ধন সিঙৰ কৌতুহল জন্মে আৰু বেগখনলৈ জুমি চায়।

বেগৰ ভিতৰত নৱজাতক শিশু এটিয়ে ছটফটাই কান্দি থকা প্ৰত্যক্ষ কৰি লগে লগে গোৱৰ্ধন সিঙে উধাতু খাই ককায়েক মংগল সিঙক ঘটনা সন্দৰ্ভত অৱগত কৰে।  মংগল সিঙে ভায়েকৰ কথামতে কালভাৰ্টটোৰ ওচৰলৈ আহি নৱজাতকক প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত গাওঁবুঢ়া আৰু কোকৰাঝাৰ আৰক্ষীক অৱগত কৰে৷ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৱজাত কেচুৱাটোক উদ্ধাৰ কৰি ডালোৱাবাৰী চিকিৎসালয়ত ভৰ্তি কৰায়৷

ঘটনা সন্দৰ্ভত মংগল সিঙে সদৰী কৰা মতে, আজি কাহিলীপুৱা সেই স্থানলৈ গাড়ী অহাৰ শব্দ শুনিছিল। তালৈ চাই কোনো লোকে নৱজাত শিশুটিক গাড়ীৰে আনি উক্ত স্থানত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।

ডালোৱাবাৰী চিকিৎসালয়ৰ চিকিৎসক অলোক ঘোষে জনোৱা মতে উদ্ধাৰ হোৱা দেৱশিশুটো সম্প্ৰতি সুস্থ অৱস্থাত আছে। নৱজাতকৰ হাতত টীকাকৰণৰ চিন থকালৈ প্ৰত্যক্ষ কৰি উদ্ধাৰ হোৱা দেৱশিশুটি কোনো চিকিৎসালয়ত জন্ম হোৱাৰ সন্দেহ ব্যক্ত কৰিছে চিকিৎসক অলোক ঘোষে।

ইফালে, খবৰ পোৱা মাত্ৰকে কোকৰাঝাৰ চাইল্ড লাইনে দেৱশিশুটোক ডালোৱাবাৰী চিকিৎসালয়ৰ পৰা লৈ আহে আৰু আৰএনবি চিকিৎসালয়ৰ বেবী কেয়াৰ ইউনিটত ভৰ্তি কৰায়। কোকৰাঝাৰ চাইল্ড লাইনে পৰৱৰ্তী পৰ্যায়ত শিশুটিক চিৰাঙৰ বিশেষ এডপচন এজেঞ্চিত অৰ্পণ কৰিব বুলিও জানিব পৰা গৈছে৷ এজেঞ্চিটোৱে দুমাহ শিশুটোক লালন-পালন কৰিব আৰু কোনো সদাশয় ব্যক্তিয়ে শিশুটিক তুলি ল'বলৈ আগ্ৰহ প্ৰকাশ কৰি আৱেদন কৰিলে যোগ্যতা অনুসৰি দেৱশিশুটোক অৰ্পন কৰা হ'ব বুলি জানিব পৰা গৈছে।

আনহাতে, উদ্ধাৰ হোৱা নৱজাতকক লৈ জনসাধাৰণৰ মাজত ব্যপক কৌতুহল আৰু বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে। হাতত টীকাকৰণৰ চিন থকালৈ চাই দেৱশিশুটি চিকিৎসালয়ত জন্ম হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে আৰক্ষী। বহুতে কোনো অভিজাত পৰিয়ালৰ সন্তানৰ অবৈধ মাতৃত্ব ঢাকিবলৈ শিশুটিক তেনেদৰে কাপোৰ-কানি সহিতে বেগত ভৰাই পথৰ কাষত পেলাই থৈ অহা বুলি সন্দেহ কৰিছে।

ইয়াৰ মাজতে, মাতৃত্বৰ উমৰ পৰা বঞ্চিত দেৱশিশুটিক তুলি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে মংগল সিঙে। জন্মাষ্টমীৰ দৰে পবিত্ৰ দিনটোত উদ্ধাৰ হোৱা শিশুটি প্ৰকৃততে এটি দেৱশিশু বুলিও সৰল অন্তৰেৰে মত প্ৰকাশ কৰিছে মংগলে।