অসম

স্বাধীনতা দিৱসৰ প্ৰস্তুতি গোলাঘাটত

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰ ৭২ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী। দেশৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।

গোলাঘাট সদৰ চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেড প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

স্বাধীনতা দিৱসৰ সময়চোৱাত জিলাখনত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাম-কাজ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

জিলাখনৰ গোলাঘাট, ধনশিৰি আৰু বোকাখাত মহকুমাৰ সদৰ চহৰলৈ ওলোৱা-সোমোৱা বাট-পথসমূহত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে যান-বাহনসমূহত তালাচী অভিযান অব্যাহত ৰাখিছে।